
ডিফু : মানৱ শ্ৰেষ্ঠ বুলি সততে জহাই ফুৰা মানুহৰ মাজতে সংঘটিত হ’ল মানৱ সমাজক লজ্জানত কৰা এক দুষ্কাৰ্য ৷ নিজৰ অপকৰ্মৰ ফল ঢাকিবলৈ দহ মাহ দহ দিন গৰ্ভধাৰণ কৰি প্ৰসৱ কৰা নিজ সদ্য নৱজাতক শিশুক কোনো পাষাণ হৃদয়ৰ মাতৃয়ে পেলাই থৈ গ’ল হাবিৰ নিৰ্জনতাৰ মাজত ৷ হয় এই হৃদয়স্পৰ্শী ঘটনা কাৰবি আংলং জিলাৰ বোকাজান মহকুমাৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা বোকাজান নগৰৰ সমীপৱৰ্তী ইকৰানিত উদ্ধাৰ হয় এটি কন্যা শিশু। গৰু বান্ধিবলৈ অহা এগৰাকী মহিলাই ইকৰানি প্ৰাথমিক বিদ্যালয়ৰ কাষৰ হাবিৰ মাজত কান্দোন শুনি উদ্ধাৰ কৰে শিশুটিক।
হাবিত পৰি থকা শিশুটিৰ সৰ্বশৰীৰ গুৰি পৰুৱাই আৱৰি আছিল। কোনো পাষাণ হৃদয়ৰ মাতৃয়ে এনেদৰে পেলাই থৈ যায় নিষ্পাপ শিশুটিক। স্থানীয় কেইবাগৰাকী মহিলাই শিশুটিক উদ্ধাৰ কৰি গা-ধোৱাই চাফ-চিকুন কৰি দুগ্ধ পান কৰায়। ইতিমধ্যে, ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে শিশুটিক।
আৰক্ষীয়ে শিশুটিক বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ নি শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।












