নিউজ ডেস্কঃ
এতিয়াই ৰেহাই নাপায় অভিনেত্রী ৰিয়া চক্রৱর্তীয়ে। অহা ৬ অক্টোবৰ পর্যন্ত জে’লতেই থাকিব লাগিব তেওঁ। নিচাযুক্ত দ্ৰব্য গোচৰ সংক্রান্তীয় বিশেষ আদালত এনডিপিএছ (নার্কোটিক ড্রাগছ এণঅড চাইকোট্রপিক ছাবষ্টেন্সেছ)-এ মঙ্গলবাৰে তেওঁৰ জে’ল হেফাজতৰ ম্যাদ বৃদ্ধি কৰে। সেয়ে বৰ্তমান মুম্বাইৰ বাইকুল্লা জে’লতেই থাকিব লাগিব তেওঁ। অৱশ্যে ইতিমধ্যে ব’ম্বে হাইকোর্টত জামিন আবেদন জনাইছে ৰিয়া আৰু তেওঁৰ ভাতৃ শৌভিকে। বুধবাৰে তাৰ শুনানি।
উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুত নিচাযুক্ত দ্ৰব্যৰ সংযোগ পোহৰলৈ অহাৰ পিছত যোৱা ৯ ছেপ্টেম্বৰত ৰিয়াক গ্রেপ্তাৰ কৰে নার্কোটিক্স কন্ট্রোল ব্যুৰো (এনচিবি)ই। সেইবাৰো ১৪ দিনৰ জে’ল হেফাজতত দিয়া হয় ৰিয়াক। মঙ্গলবাৰে সেই ম্যাদ শেষ হোৱাত, নতুনকৈ আদালতত আবেদন জনাইছিল এনচিবিয়ে। সেয়ে আদালতে আজি আৰু ১৪ দিনৰ হেফাজত মঞ্জুৰ কৰে।