
নিউজ ডেস্কঃ কৰোনা মহামাৰীৰ বাবে বন্ধ হৈ থকা শক্তিপীঠ মা কামাখ্যাৰ দুৱাৰ ৬ মাহৰ পিছত পুনৰ খোলাৰ ব্যৱস্থা হাতত লৈছে মন্দিৰ কৰ্তৃপক্ষই৷ অৱশ্য এই পৰ্যন্ত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খোলাৰ কোনো নিৰ্ধাৰিত তাৰিখ ঘোষণা কৰা নাই যদিও মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত গাইড লাইন প্ৰস্তুত কৰিছে জিলা প্ৰশাসনে৷
সেই পৰিপ্ৰেক্ষিতত মন্দিৰৰ কোভিড আন্তঃগাঁথনি নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুধবাৰৰ পৰা৷ এই আন্তঃগাঁথনিৰ কাম ১৫ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে৷ সেয়ে হ’লে ১৫ দিন পিছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খোৱা হ’ব পাৰে বুলি আশা কৰা হৈছে ৷
গাইড লাইন অনুসৰি মন্দিৰ খুলিলেও দৰ্শন কৰাৰ অনুমতি নাপাব ভক্তই। তাৰ পৰিৱৰ্তে মন্দিৰৰ চৌহদতে যথাৰীতি সেৱা-অৰ্চনা কৰিব লাগিব ভক্তসকলে৷ আনহাতে, দৈনিক দৰ্শনাৰ্থীৰ সংখ্যাও নিৰ্ধাৰণ কৰি দিছে চৰকাৰে৷ সেই অনুসৰি প্ৰতিদিনে ৫০০ ভক্তই মন্দিৰ চৌহদত প্ৰৱেশৰ অনুমতি পাব৷
এই ক্ষেত্ৰত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া কোভিড প্ৰটকলৰ সকলো চৰকাৰী নীতি–নিয়ম পালন কৰিব লাগিব। আনহাতে, কোভিড নিগেটিভ ব্যক্তিসকলকহে মন্দিৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হ’ব। কোভিড পৰীক্ষা নকৰাকৈ কোনো ব্যক্তি কামাখ্যাধামত প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ বাবে তিনিদিন পূৰ্বে কৰা পৰীক্ষাৰ প্ৰতিবেদন লগত আনিব লাগিব।
উল্লেখ্য যে সাধাৰণ ভক্তৰ পৰা আৰম্ভ কৰি ভিআইপি অথবা ভিভিআইপিসকলৰ বাবেও একে নিয়ম থাকিব৷ লগতে মন্দিৰত প্ৰসাদ আ দিবিতৰণ কৰা নহ’ব যদিও পূজা, বিয়া আদি সম্পাদন কৰিব পাৰিব৷
এক সংবাদ মেলযোগে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই এই কথা জনাইছে।












