
ডিফু : যোৱাকালি কৰ’নাত আক্ৰান্তহৈ ডিফু বজাৰৰ শ্ৰীশ্ৰী শনি মন্দিৰৰ পুৰুহিতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বিগত কিছুদিনৰ পৰা শনি মন্দিৰৰ পুৰুহিত সপন চক্ৰৱৰ্তী শ্বাস-প্ৰশ্বাস, মধুমেহ আৰু উচ্চ ৰক্তচাপত ভুগি পৰহি ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি হৈছিল ৷ পিছত তেওঁক এণ্টিজেন টেষ্ট কৰাত ফলাফল কৰ’না পজিটিভ ওলোৱাত তেওঁক ডিফুৰ ক’ভিড হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও যোৱা নিশা ৭ বজাত সপন চক্ৰৱৰ্তীৰ দেহাৱসান ঘটে ৷

আনহাতে আজি মৃত সপন চক্ৰৱৰ্তীৰ শৱদেহ ডিফু ৰাজহুৱা শ্মশানঘাটলৈ সৎকাৰৰ বাবে নিয়াৰ পিছত শ্মশানঘাটৰ নিকটৱৰ্তী বসিন্দাসকলে কৰ’ণাৰ মৃতদেহ সৎকাৰত তীব্ৰ বিৰোধিতা কৰে ৷ এই লৈ মৃতদেহ সৎকাৰৰ বাবে অহা লোক আৰু স্থানীয়লোকৰ মাজত তীব্ৰ তৰ্ক বিবাদ হয় ৷ দুয়ো পক্ষৰ মাজত হোৱা তৰ্কবাদে তীব্ৰ ৰূপ ধাৰণ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ ঘটনাৰ সম্ভেদ লাভ কৰি ডিফু থানাৰ অ’চি চিৰাজ ইংতি আৰু ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত এদল আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতহে সৎকাৰ কাৰ্য সম্পন্ন কৰা হয় ৷
ইফালে মৃত সপন চক্ৰৱৰ্তীৰ মৃতদেহলৈ স্বাস্থ্য বিভাগৰ লোক শ্মশানঘাটলৈ আহি মৃতকৰ পৰিয়ালৰ চাৰিজন লোকক পিপিই কীট প্ৰদান কৰি আঁতৰি যায় ৷ পিছত স্বাস্থ্য বিভাগৰ লোকৰ অবিহনে মৃতকৰ পৰিয়ালৰ লোকে পিপিই কীট পৰিধান কৰি মৃতদেহ সৎকাৰ কাৰ্য সম্পন্ন কৰে৷













