
ডিফু : অসম চৰকাৰে যোৱা ২৩ ছেপ্তেম্বৰৰ পৰা বিদ্যালয় খোলাৰ ঘোষণা কৰাৰ পিছত সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত আৰম্ভ হৈছে বিদ্যালয়সমূহৰ পাঠদান কাৰ্যসূচী ৷ যোৱা ২১ ছেপ্টেম্বৰ আৰম্ভণিৰ পাঠদান কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি মুঠেই সন্তুোষজনক নাছিল ৷ আজি ডিফুৰ চন্দ্ৰছিং টেৰণ হাইস্কুল, ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন বিদ্যালয় সমূহতো ছাত্ৰ-ছাত্ৰীৰ সঁহাৰি মিশ্ৰিত আছিল ৷

ডিফুৰ চন্দ্ৰছিং টেৰণ হাইস্কুলত আজি হোৱা নৱম শ্ৰেণীৰ পাঠদান কাৰ্যসূচীত উপস্থিত থকা বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠকে সাংবাদিকক জানিবলৈ দিয়ে চৰকাৰে জাৰি কৰা আদেশ পালন কৰি আৰৱ এছঅ’পি অনুসৰি বিদ্যালয়ৰ পাঠদান কাৰ্যসূচীত শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰিছে ৷

চন্দ্ৰছিং টেৰণ হাইস্কুলে ছাত্ৰ-ছাত্ৰীৰ অনলাইন পাঠদানত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ উপৰি সদ্য আৰম্ভ হোৱা পাঠদানত ছাত্ৰ-ছাত্ৰীসকলক সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পিন্ধা আৰু ছেনিটাইজাৰ ব়্যৱহাৰ কৰা এই তিনিমন্ত্ৰৰ বিষয়ে বোধগম্য কৰাই পাঠদানত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষকসকলেও পাঠদান কাৰ্যসূচীৰ ৰুটিন আৰু প্ৰয়োজনীয় পাঠদানৰ বাবে পৰিকল্পনা যুগুত কৰাৰ বাবে ধন্যবাদ জনাইছে ৷












