চলিত আইপিএলৰ তৃতীয় মেচত মুখামুখী হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেঙ্গালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। হায়দৰাবাদক পৰাজিত কৰি এই মেচত জয়লাভ কৰে বিৰাট কোহলিৰ ৰয়েল চেলেঞ্জাৰ্ছ বেঙ্গালুৰুৱে। কিন্তু বেঙ্গালুৰুৱে মেচত জয়ী হ’লেও দীর্ঘদিন পিছত বেট হাতত লৈ বাইছ গজলৈ উভতি সমর্থকসকলক হতাশ কৰে বিৰাট কোহলিয়ে। মাত্র ১৪ ৰান কৰিয়েই পেভিলিয়নলৈ উভতে কোহলি।
বিৰাট কোহলিৰ মূল্যৱান উইকেট লাভ কৰে এইখন মেচত সদ্য অভিষেক ঘটা নটৰাজনে। বিৰাট কোহলি বর্তমান ক্রিকেটৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন। যিকোনো বলাৰৰ বাবে বিৰাট কোহলিৰ উইকেট পোৱাটো এক বিৰাট ডাঙৰ সফলতা। বিৰাট কোহলিৰ উইকেট দখলৰ স্বপ্ন দেখে বিশ্বৰ তাৰকা বলাৰসকলে। তেনে ক্ষেত্ৰত আইপিএলৰ অভিষেক মেচতেই বিৰাট কোহলিৰ উইকেট লৈ অত্যন্ত খুচী নটৰাজন।
তামিলনাডুৰ বলাৰ নটৰাজন। নটৰাজনৰ জীৱন কাটিছে অত্যন্ত দাৰিদ্রতাৰ সৈতে যুঁজি যুঁজি।
দাৰিদ্রতাৰ সৈতে ক্রমাগত যুঁজ কৰি তেওঁ আজি আইপিএলৰ দৰে ইমান ডাঙৰ মঞ্চলৈ আহিব পাৰিছে কেৱল মাত্র প্রতিভাৰ জোৰত।
নটৰাজনৰ পিতৃ এজন কুলি৷ মাতৃ ফেৰিৱালা। আৰু এই দাৰিদ্রতাৰ সৈতে যুঁজিয়েই নটৰাজনে পূৰণ কৰিছে তেওঁৰ ক্রিকেটাৰ হোৱাৰ স্বপ্ন। নটৰাজনে দীর্ঘদিন ধৰি টেনিছ বলেৰে ক্রিকেট খেলি তাৰ পিছত তেওঁ আহে চেন্নাইলৈ। চেন্নাইৰ ডাঙৰ ক্লাবৰ হৈ খেলাৰ সুযোগ লাভ কৰে৷ তাৰ পৰাই আজি আইপিএলৰ দৰে ইমান ডাঙৰ মঞ্চত তেওঁ খেলাৰ সুযোগ পাইছে। আৰু অভিষেক মেচতেইহস্তগত কৰিছে বিৰাট কোহলিৰ দৰে মূল্যৱান উইকেট। তেওঁ মেচখনত চাৰি অভাৰ বলিং কৰি ৩৪ ৰা্ৰ বিনিময়ত বিৰাট কোহলিৰ মূল্যৱান উইকেট দখল কৰে।