
ডিফু : ডিমাপুৰ-মাঞ্জা পথত আজি পুৱা কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুজন মণিপুৰী যুৱক। ঘটনাৰ বিৱৰণী অনুসৰি এক বিশেষ সূত্ৰে পোৱা তথ্যৰ ভিত্তিত উপ-আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মা আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আজি পুৱা প্ৰায় ৫.৩০ বজাত মাঞ্জা আৰক্ষী চেক প’ষ্টত চলোৱা নিয়মীয়া তালাচীৰ সময়ত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে নিষিদ্ধ ড্ৰাগছখিনি।

মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এএছ-০১-কেচি-১৩৮৪ নম্বৰৰ ছয় চকীয়া ট্ৰাকখনৰ নথি-পত্ৰসহ গাড়ীখনত তালাচী চলোৱাত লুকুৱাই অনা অৱস্থাত প্ৰতিটো পেকেটত ২০০ টা য়াবা টেবলেটসহ ৭৫ টা সৰু প্লাষ্টিকৰ পেকেটৰ লগতে প্ৰতিটো পেকেটত ১৩/১৫ গ্ৰামকৈ ব্ৰাউন চুগাৰ/হেৰ’ইনসহ অন্য ৬৮ টা পেকেটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫ কোটি টকা হোৱাৰ লগতে আটকাধীন যুৱক দুজন মণিপুৰৰ মহম্মদ ছয়িদ আৰু মহম্মদ চানিফ খান বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ঘটনাৰ লগত জড়িত গাড়ীখনৰ চালক মণিপুৰৰে চাগিৰ খান (২২) কো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মাঞ্জা থানাত ৩৪/২০২০ এক গোছৰ ৰুজু দি অধিক তথ্যৰ বাবে যুৱককেইজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷












