
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং জিলাৰ সদৰ ডিফুত আজি আছুৱে বিজেপি চৰকাৰে কৃষক বিৰোধী যি বিধেয়ক সংসদত গৃহৃত কৰিলে তাৰ প্ৰতিবাদ কৰে ৷ লগতে অসম চৰকাৰে এছ আই পদৰ পৰীক্ষাৰ নামত কৰা চূড়ান্ত বেমেজালিৰ বাবে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ধিক্কাৰ দিয়ে ৷
আছুৰ কৰ্মকৰ্তাসকলে ইয়াৰ প্ৰতিবাদত ডিফু নগৰৰ এক নং পুলিচ পইন্টত কৃষি আইন আৰু মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰে ৷ পুতলিকা দাহ কৰাৰ সময়ত আৰক্ষীৰ লগত আছুৰ প্ৰতিবাদকাৰীৰ টনা-আঁজোৰা লাগে ৷ জিলা আছুৰ সম্পাদক সৰজুন হাঞ্চেই বিজেপি চৰকাৰক কৃষক বিৰোধী আখ্যা দিয়ে ৷












