
মনোজ কুমাৰ পাঠক
লংকা : ক’ৰণা মহামাৰীৰ বাবে বন্ধ স্কুল-কলেজ। ঘৰতেই আবদ্ধ ছাত্ৰ-ছাত্ৰী। ঘৰতেই আবদ্ধ হৈ থাকি পঢ়া-শুনাৰ মাজতেই আজৰি সময়ত, এজন কিশোৰে অলাগতীয়াল পেলনীয়া সা-সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে বিভিন্ন ধৰণৰ বৈদ্যুতিক সা-সামগ্ৰী।
প্ৰথমে এই টেবুলখনত কৰ্মত ব্যস্ত কিশোৰগৰাকীলৈ মন কৰক, এয়া কোনো আইটিআই প্ৰশিক্ষণ প্ৰাপ্ত যুৱকে বৈদ্যুতিক সা-সামগ্ৰী মেৰামতি কৰাৰ দৃশ্য নহয়। এয়া লংকাৰ নখুঁটী বন বিভাগৰ কলনিৰ আবাস গৃহত থকা এজন ১২ বছৰীয়া কিশোৰৰ প্ৰতিভাহে। যিজন কিশোৰে নিজৰ একান্ত প্ৰচেষ্টাৰ বলত পঢ়া-শুনাৰ মাজতেই পেলনীয়া সা-সামগ্ৰীৰে তৈয়াৰ কৰি উলিয়াইছে বৈদ্যুতিক বিভিন্ন বয়-বস্তু।
হয়, নখুটী বিট বন বিষয়া কাৰ্যালয়ত কৰ্মৰত পিতৃ সুদন শুল্কবৈদ্য আৰু মাতৃ লতা শুক্লবৈদ্যৰ পুত্ৰ সঞ্জয় শুক্লবৈদ্যই নিজৰ ঘৰতেই অলাগতীয়াল পেলনীয়া সা-সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে বৈদ্যুতিক সা-সামগ্ৰী যেনে বৈদ্যুতিক চাৰ্জিং লাইট, ফেন আদি। নিজৰ পঢ়া-শুনাত ব্যৱহৃত জ্যামিতি বস্কৰ কাটা কোম্পাছ আদিও বৈদ্যুতিক সা-সামগ্ৰী নিৰ্মাণত কৰিছে ব্যৱহাৰ ।
উল্লেখ্য যে, ১২ বছৰীয়া সঞ্জয় শুক্লবৈদ্য গ’ল্ডেন ৱেষ্ট ইংৰাজী বিদ্যালয়ৰ পঞ্চম মান শ্ৰেণীৰ ছাত্ৰ। জীৱনত ভবিষ্যতে এজন বৈজ্ঞানিক হোৱাৰ হেঁপাহ মনত পুহি ৰাখিছে ১২ বছৰীয়া কিশোৰগৰাকীয়ে। আমিও কিশোৰগৰাকীৰ উজ্বল ভৱিষ্যত কামণা কৰিলো।











