নিউজ ডেক্স:
মানৱতা যে এতিয়াও জীয়াই আছে তাৰ এক অপূৰ্ব নিদৰ্শন দেখুৱালে এগৰাকী মুছমান বোৱাৰীয়ে। ঘটনাটো শিৱসাগৰৰ। মুছকান বিবি নামৰ বোৱাৰীগৰাকীয়ে হিন্দু ৰীতি-নীতিৰ মাজেৰে মুখাগ্নি কৰে ধ্ৰুৱজ্যোতি মজুমদাৰ নামৰ হিন্দু যুৱকজনৰ।
উল্লেখযোগ্য যে বিবাহসূত্ৰে তিনিচুকীয়াৰ বোৱাৰী হ’লেও শিৱসাগৰত তেওঁৰ পিতৃগৃহ। মুছকান আৰু ধ্ৰুৱজ্যোতিৰ সম্পৰ্ক বিয়াৰ পূৰ্বৰে পৰা ভাতৃ-ভগ্নীৰ দৰে আছিল। ঘৰুৱা অসুবিধাৰ বাবে ঘাট মাউৰা ধ্ৰুৱজ্যোতিয়ে তিনিচুকীয়াৰ পৰা আহি মুছকানৰ শিৱসাগৰৰ পিতৃগৃহত থাকিবলৈ লৈছিল।
তেনে অৱস্থাতে যোৱা ২২ ছেপ্টেম্বৰত ঘৰত কোনো নথকাৰ সুযোগ লৈ ইচ্ছা মৃত্যুক সাৱটি লয় ধ্ৰুৱজ্যোতি মজুমদাৰে। খবৰ পাই ধ্ৰুৱজ্যোতিৰ পত্নী চিমি মণ্ডলে মৃতদেহ চমজি লয়। তাৰ পিছতো মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাই শিৱসাগৰৰ থানামুখ শ্মশানত ধ্ৰুৱজ্যোতিৰ মুখাগ্নি কৰে মুছকান বেগমে। এই ঘটনাই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে আৰু মুছকানৰ পদক্ষেপক প্ৰশংসাৰে উপচাই পেলাইছে।












