ষ্টাফ ৰিপ’ৰ্টাৰ:
মঙ্গলদৈ সমষ্টিৰ লোকসভা সাংসদ দিলীপ শইকীয়াক ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিযুক্তি দিয়া হৈছে। ৰাম মাধৱৰ ঠাইত দিলীপ শইকীয়াক নিযুক্তি দিয়ে বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গই।
ইফালে, দিলীপ শইকীয়াক কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিযুক্তি দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসে। ৰঞ্জিত দাসে ৰাজ্যৰ সমূহ কাৰ্য্যকৰ্তাৰ হৈ দিলীপ শইকীয়াক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে কেন্দ্ৰীয় নেতৃত্ববৰ্গকো ধন্যবাদ জনায়।












