
মনোজ কুমাৰ পাঠক
লংকা : আগন্তোক ২০২১ বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ একাংশ শিল্পী, ক’লা কৌশলী যেন ধাপলি মেলা পৰিলক্ষিত হৈছে ৰাজনৈতিক দললৈ। কোনোবা যদি শাসনৰগাদীত থকা বিজেপি দললৈ, কোনোৱা কংগ্ৰেছ নাইবা কোনোৱা আকৌ জাতীয় চিন্তা ধাৰণাৰে নতুনকৈ গঠন হোৱা আঞ্চলিকতাবাদী ৰাজনৈতিক দললৈ ধাপলি মেলিছে।
নতুনকৈ ৰাজনৈতিক দলত যোগদান কৰা প্ৰায় সংখ্যক শিল্পী, ক’লা-কৌশলীৰ আশা যোগদান কৰা ৰাজনৈতিক দলে বিধানসভা নিৰ্বাচনৰ বাবে যদি টিকট দিয়ে, খেলিব আগন্তোক বিধানসভা নিৰ্বাচন। তাৰ সমান্তৰাল ভাবে লামডিং সমষ্টিৰ সু-কন্ঠ সংগীত শিল্পী তথা পোন প্ৰথমবাৰৰ বাবে জিটিভিৰ সংগীত প্ৰতিযোগিতা সা ৰে গা মা পা’ত ২০১০ চনত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি দ্বিতীয় স্হানৰ খিতাপ অৰ্জন কৰা ৰেলনগৰী লামডিং চহৰৰ সন্তান জয় চক্ৰৱৰ্ত্তীয়ে মন মেলিছে আগন্তোক বিধানসভা নিৰ্বাচনত লামডিং সমষ্টিৰ পৰা বিজেপি দলৰ হৈ বিধায়ক পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলা।
উল্লেখ্য যে, জয় চক্ৰৱৰ্ত্তীয়ে বিগত বহু দিনৰ পৰা হিন্দুত্ববাদী দল আৰ এছ এছৰ হৈ নিজৰ সমষ্টিত কৰ্ম কৰি আছে আৰু সমষ্টিৰ ৰাইজ তথা দলে যদি বিচাৰে বিজেপি দলৰ পৰা নিজ সমষ্টি লামডিংত বিজেপি দলৰ পৰা বিচাৰিব বিধায়ক পদৰ বাবে টিকট। আজি গুৰুজনা শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ সংখ্যক জন্মোৎসৱত লংকাৰ তিনিআলি নামঘৰত অনুষ্ঠিত কৰা গুৰুজনাৰ জন্মউৎসৱত সেৱা গ্ৰহণ কৰি সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাত জয় চক্ৰৱৰ্ত্তীয়ে কয় এনেদৰে।











