
নগাঁও : অসম ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদৰ ”ডেভেলপমেন্ট অফ ২০ স্পৰ্টিং ফেচেলিটিচ অফ স্কুল” আঁচনিৰ অধীনত লাভ কৰা অনুদানেৰে পোনপ্ৰথম বাৰৰ বাবে নগাঁও চহৰত এটা মুকলি ব্যায়ামাগাৰ নিৰ্মাণ কৰা হয় । নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় চৌহদত নিৰ্মাণ কৰা মুকলি ব্যায়ামাগৰটো আজি উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

মুকলি ব্যায়ামাগাৰটো উদ্ধোধন কৰি বিধায়ক শৰ্মাই এই ব্যায়ামাগাৰৰ জৰিয়তে ছাত্ৰসকল যথেষ্ট উপকৃত হ’ব বুলি আশা কৰে। এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে বিদ্যালয়খনৰ লগতে নগাঁৱত পোনপ্ৰথম বাৰৰ বাবে নিৰ্মাণ হোৱা মুকলি ব্যায়মাগৰটোক লৈ যথেষ্ট গৌৰৱবোধ কৰা বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে। মুকলি ব্যায়ামাগাৰ উদ্ধোধনী অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষা দীপিকা লস্কৰ, প্ৰাক্তন ছাত্র তথা গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস মোডী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।












