
নগাঁও : নগাঁও চহৰৰ নেহৰুবালিৰ সমীপৰ হনুমান মন্দিৰত কালি নিশা এক চুৰিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে দুটা চোৰে মাজ নিশা মন্দিৰৰ মূল প্ৰবেশ দ্বাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি মন্দিৰৰ মূল্যবান সা-সামগ্ৰী লণ্ড-ভণ্ড কৰে।
আনহাতে চুৰিকাৰ্য চলাই থকাৰ সময়ত চোৰ দুটাৰ হঠাৎ চিচিটিভি কেমেৰাত চকু পৰাৰ লগে লগেই সেই স্থানৰ পৰা পলায়ন কৰে যদিও চুৰি কার্যৰ সমগ্ৰ দৃশ্য মন্দিৰৰ চিচিটিভিত আৱদ্ধ হৈ থাকে। আজি পুৱা মন্দিৰৰ দ্বায়িত্বত থকা পূজাৰীজনে মন্দিৰ চৌহদত প্ৰবেশ কৰাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে। পাছত পূজাৰীজনে ঘটনাটো মন্দিৰ সমিতিক অৱগত কৰাত সমিতিয়ে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে।
উক্ত এজাহাৰ ভিত্তিত আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে আৰক্ষীয়ে বৰ্তমানলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইপিনে যোৱা ২১ ছেপ্টেম্বৰৰ নিশা নগাঁও চহৰৰ পূৱ আমোলাপট্টি কালী মন্দিৰত দানপাত্ৰৰ তলা ভাঙি চোৰে লুটপাত চলায়। নগাঁৱৰ বিভিন্ন মন্দিৰত সংঘটিত হৈ অহা চুৰিকাণ্ডক লৈ চহৰখনৰ বাসিন্দাসকলে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে চুৰিকার্য ৰোধত আৰক্ষীৰ ব্যর্থতাকো সমালোচনা কৰে।












