
মনোজ কুমাৰ পাঠক
হোজাই : হোজাইত মাদ্ৰাছাৰ নামত ভিক্ষাবৃত্তিত লিপ্ত হোৱা চাৰিগৰাকী কিশোৰক শনিবাৰে বিয়লি ডবকা চহৰৰ পৰা উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ এই চাৰিগৰাকী কিশোৰ নগাঁও ধিঙৰ মইনুল আৰু ৰুহুল আমিনে নিয়োগ কৰিছিল ভিক্ষাবৃত্তিত৷ কিশোৰ কেইগৰাকীক ভিক্ষাবৃত্তিত নিয়োগ কৰি ধিঙৰ পৰা ভিক্ষাবৃত্তিৰ ব্যৱসায় চলাইছিল এই চক্ৰটোৱে৷ ডবকাৰ এখন ভাড়াঘৰত ৰাখি ৪টি কিশোৰক নিয়োগ কৰিছিল ভিক্ষাবৃত্তিত৷ শনিবাৰে অনাহাৰে থাকি ভিক্ষা কৰি থকা অৱস্থাতে ডবকাৰ এজন সাংবাদিকে কিশোৰ কেইগৰাকীক উদ্ধাৰ কৰি খৱৰ দিয়ে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণক৷
সেইমৰ্মে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙ, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, চাইল্ড লাইন আৰু ডবকা আৰক্ষীয়ে কিশোৰ কেইগৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰে৷
ইফালে ভিক্ষাবৃত্তিত নিয়োগ কৰা দুয়ো প্ৰৱঞ্চকৰ বিৰুদ্ধে চাইল্ড লাইনে ডবকা থানাত এটি গোচৰ তৰিছে৷ ডবকা আৰক্ষীয়ে মাইনুল আৰু ৰুহুল আমিনক বিচাৰি চলাইছে অভিযান৷











