![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ভাৰতীয় জনতা পাৰ্টীৰ কাৰবি আংলং জিলা সমিতিৰ উদ্যোগত আজি বিজেপিৰ ইবুকৰ শুভ উন্মোচন কৰা হয় ৷ তিনি পাৰ্বত্য জিলাৰহৈ ডিফু জনজাতি লোকসভা সমষ্টিৰ একমাত্ৰ সাংসদ হৰেণছিং বে’ আৰু বোকাজান সমষ্টিৰ বিধায়ক নোমল মমিন আৰু পূৱ কাৰবি আংলং বিজেপিৰ সভাপতি ধনছিং ৰংহাঙ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহি লগতে জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত ডিফুৰ মাটিপুং স্থিত আৰবৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ সভা কক্ষত ইবুকখনৰ শুভ উন্মোচন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
ইয়াৰ পূৰ্বে উপস্থিত বিজেৰিৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি সূদূৰ গুৱাহাটীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাষণ দিয়ে ৰাজ্যিক বিজেপিৰ ইবুকৰ আহ্বায়ক তথা জ্যেষ্ঠ বিজেপি নেতা বিজয় কুমাৰ গুপ্তা ৷ ভাষণ প্ৰসংগত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰসংগ, মনকী বাত বিজেপিৰ বিভিন্ন উন্নয়ণ মূলক কামৰ খতিয়ান এই ইবুকৰ জৰিয়তে পোৱা যাব বুলি কয় ৷ ই-বুকখন বৰ্তমান সময়ত হিন্দী, ইংৰাজী অসমীয়া ভাষাত প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰ সংঘৰ স্বীকৃতিপ্ৰাপ্ত ৯টা ভাষাতো ইয়াক কৰা হব বুলি মন্তব্য কৰে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, আজি উন্মোচিত হোৱা ইবুকখনত চৰকাৰ আৰু জিলা বিজেৰি দলৰ বিভিন্ন উন্নয়ণ মূলক কাম-কাজসমূহ সন্নিবিষ্ট কৰা হৈছে ৷
ইয়াৰোপৰি লকডাউনৰ সময়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে বহিঃৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা কাৰ্বি আংলঙ কৰ্মৰত যুৱক- যুৱতীসকলক জিলাখনলৈ আহিবলৈ প্ৰদান কৰা আৰ্থিক সাহায্যৰ খতিয়ান এই ই-বুকত উপলব্ধ হৈছে বুলি কৈছে ৷
ইয়াৰোপৰি বহিঃৰাজৰ শ্ৰমিকৰ সাহায্যাৰ্থে মুখ্য কাৰ্যবাহী সদস্যৰ সাহায়্য পুঁজিৰ পৰা ৩ কোটি টকা ব্যয় কৰা হৈছে বুলি মন্তব্য কৰিছে তুলিৰাম ৰংহাঙে ৷ আনহাতে স্থানীয় ইএম তথা ৰাজ্যিক বিজেপিৰ উপসভাপতি ৰতন টেৰণ আৰু বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনে সাংবাদিৰ আগত কয়যে উক্ত ই-বুকৰ জৰিয়তে “সেৱা হী ধৰ্ম” বিজেপিৰ উদ্দেশ্য ৰাইজে বুজিবলৈ সুযোগ পাব ৷ এই ই-বুকৰ জৰিয়তে বিজেপিৰ তৃণমূল পৰ্যায়ৰ উন্নয়ণমূলক কাম- কাজ আৰু বিভিন্ন আঁচনিৰ ৰূপায়ণৰ কথাও গম পাব ৷













