ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এক প্ৰকাৰ জেহাদ ঘোষণা কৰাৰ পিছত কাৰবি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ধাৰাবাহিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷
কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে কাৰবি আংলং আৰক্ষীয়ে অসম নাগালেণ্ড সীমান্তঞ্চলৰ পৰা আৰম্ভ কৰি বিভিন্ন তালাচী চকীত তালাচী অভিযান ক্ষীপ্ৰতৰ কৰি তোলাত ইটোৰ পিছত সিটো ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিবলৈ ধৰিছে ৷
ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰতিটো কৌশল কাৰবি আংলং আৰক্ষীয়ে পোহৰলৈ অনাৰ লগতে কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ ,বাহন আৰু সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে ৷
আজি পুৱা ডিলাই থানা অন্তৰ্গত লাহৰিজান পহৰাচকীৰ ওচৰত তালাচী চলাই এখন AS01KC 4951 নম্বৰৰ ট্ৰাক এখনত অভিযান চলাই আৰক্ষীয়ে প্ৰায়৫’০৫ কেজি ওজনৰ ৩২ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ বঙাইগাওঁ জিলাৰ যোগীঘোপা থানা এলেকাৰআকবৰ আলীৰ পুত্ৰ ইছমাইল আলীক আটক কৰিবলৈ সক্ষম হয় ৷ অধিক তথ্যৰ বাবে ইচমাইল আলীক আৰক্ষীয়ে জেৰা অব্যাগত ৰাখিছে বুলি জানিব পৰা গৈছে ৷














