
ছাইদুল ইছলাম
ডিফু : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এক প্ৰকাৰ জেহাদ ঘোষণা কৰাৰ পিছত কাৰবি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ধাৰাবাহিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে কাৰবি আংলং আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তঞ্চলৰ পৰা আৰম্ভ কৰি বিভিন্ন তালাচী চকীত তালাচী অভিযান ক্ষীপ্ৰতৰ কৰি তোলাত ইটোৰ পিছত সিটো ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিবলৈ ধৰিছে ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰতিটো কৌশল কাৰবি আংলং আৰক্ষীয়ে পোহৰলৈ অনাৰ লগতে কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ ,বাহন আৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ আজি পুৱা ডিলাই থানা অন্তৰ্গত লাহৰিজান পহৰাচকীৰ ওচৰত তালাচী চলাই অভিযান চলাই আৰক্ষীয়ে প্ৰায় ৫’০৫ কেজি ওজনৰ ৩২ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷
ইয়াৰোপৰি ইছমাইল আলি নামৰ এজন যুৱকক আটক আৰক্ষীৰ আৰু যুৱকজনৰ পৰা নগদ ৫০,০০০ টকাও উদ্ধাৰ কৰে আৰক্ষীয়ে।
মণিপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত কাৰ্বি আংলং আৰক্ষীৰ বিশেষ নাকা তালাচীত AS01KC4951 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি।
কাৰবি আংলং জিলা আৰক্ষী উপাধ্যক্ষ (মুখ্য) নাহিদ কৰিশ্মা, বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস , চক্ৰ বিষয়া ভূপেন কলিতা, ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু ছেত্ৰী আৰু আৰক্ষী বিষয়া মনোজ্জল গগৈ ৰমৈঞ্জে অ’চি জিতুমনি ডেকাৰ নেতৃত্বত বোকাজানত, মাঞ্জা, লাহৰিজানত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।
বিগত চাৰিমাহত কাৰ্বি আংলং আৰক্ষীৰ অধীক্ষক দেৱজিত দেউৰীৰ নিৰ্দেশ মৰ্মে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা হৈছে আৰু আজি পৰ্যন্ত প্রায় ৪০ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰিছে । এই বৰবিহ ড্ৰাগছৰ পৰা নৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ প্ৰতিজন অভিভাৱক, সচেতন মহল সজাগ হৈ থকাটো অতি প্ৰয়োজন হৈ পৰিছে বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে ৷












