
ডিফু : বিগত কেইবাদিন ধৰি ধাৰাবাহিকভাবে মাঞ্জা আৰু লাহৰিজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ ঘটনা মাৰ নৌযাওঁতেই কাৰবি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ অভিযানত আজি দুপৰীয়াৰ ভাগত উদ্ধাৰ কৰা হ’ল বৃহৎ পৰিমাণৰ গাঞ্জা ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি দুপৰীয়াৰ ভাগত মাঞ্জা থানাৰ অ’চি জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা আৰক্ষীৰ এক অভিযানকাৰী দলে মাঞ্জা-ডিমাপুৰ পথত এক বিশেষ নাকা তালাচী অভিযান চলাই ডিমাপুৰৰ ৰা হোজাই অভিমুখী AS 02 AC 6524 নম্বৰৰ আয়েশা ছিদ্দিকা নামৰ যাত্ৰীবাহী বাছখনত তালাচী চলোৱাৱাত বাছখনৰ পৰা উদ্বাৰ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমানৰ গাঞ্জাখিনি ৷ গাঞ্জাখিনি জব্দ কৰাৰ সময়ত গাঞ্জা সৰবৰাহকাৰী গাড়ীখনত নাছিল ৷ সৰবৰাহকাৰীটো সুযোগ বুজি পূৰ্বেই গাড়ীৰ পৰা নামি পৰিছিল বুলি আৰক্ষীয়ে জনাইছে ৷

গাঞ্জাখিনি মাঞ্জা চেক পষ্টৰ ওচৰত নিৰপেক্ষ সাক্ষীৰ সন্মুখত ওজন কৰাৰ লগতে চীল পেক কৰা হয় ৷ জব্দ হোৱা গাঞ্জাখিনিৰ ওজন প্ৰায় ২০ কেজি হোৱাৰ লগতে ইয়াৰ বজাৰ মূল্য প্ৰায় ২ লাখ টকা বুলি কাৰবি আংলং জিলাৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মাই সাংবাদিকক জানিবলৈ দিছে ৷
উল্লেখ যোগ্য যে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ কৰিডৰৰূপে খ্যাত ডিমাপুৰ-মাঞ্জা পথত শেহতীয়াকৈ জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে তালাচী অভিযান তীব্ৰতৰ কৰি তোলাত বিগত কেইমাহধৰি কেইবা কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ হোৱাৰ লগতে সৰবৰাহকাৰী আটক হয় ৷












