ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰা আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত মুখ খুলিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আগন্তুক নৱেম্বৰ মাহৰ ১৫ তাৰিখে ৰাজ্যত পুনৰ অনুষ্ঠিত কৰা হ’ব আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদৰ লিখিত পৰীক্ষা।
ৰাজ্যত দূনীৰ্তিৰ বিৰুদ্ধে নিজ স্থিতি কঠোৰ বুলি জানিবলৈ দিয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে উক্ত পৰীক্ষাৰ কেলেংকাৰীৰ সৈতে জড়িত কোনো এজনকো যে ৰেহাই দিয়া নহ’ব সেই বিষয়ে স্পষ্ট মতামত দাঙি ধৰে।
সোমবাৰে ধুবুৰীলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, “আগৰ কোনো চৰকাৰে আমাৰ দৰে, ঘটনা সংঘটিত হোৱাৰ লগে লগে তদন্ত ঘোষণা কৰাৰ সাহস গোটাব পৰা নাছিল। দুৰ্নীতিক কেতিয়াও সহ্য কৰা নহ’ব।
যিসকলে এই কাম কৰিলে, সকলোকে কঠোৰ শাস্তি দিয়া হ’ব। মেধাৰ ভিত্তিত নিযুক্তি পাব অসমৰ শিক্ষিত নিবনুৱাই।’ইফালে আজিৰ ধুবুৰী ভ্ৰমণকালতে মুখ্যমন্ত্ৰীগৰাকীয়ে অচিৰেই ৰূপশ্ৰী বিমানবন্দৰ পৰা বিমান সেৱা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। লগতে ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কামো আৰম্ভ হ’ব অচিৰেই।”












