
মনোজ কুমাৰ পাঠক
লংকা : প্ৰথমে খিলঞ্জীয়া জাতীৰ স্বাৰ্থত অসমত নতুন আঞ্চলিক দল AJP গঠন হোৱাৰ পাছত অহা ১১ তাৰিখে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ আৰু সদৌ অসম বঙালী সুৰক্ষা মঞ্চৰ উদ্যোগত এটা নতুন হিন্দু বঙালী ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজি লামডিঙত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ আৰু সদৌ অসম বঙালী সুৰক্ষা মঞ্চৰ উদ্যোগত আয়োজন কৰা এখন সংবাদমেলত ৷
সংবাদমেলত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে’ লগতে সুৰক্ষা মঞ্চৰ সভাপতি ৰূপম দাসে অসম চুক্তিৰ ৬নং দফাৰ তীব্ৰ বিৰোধীতা কৰি বিজেপি আৰু কংগ্ৰেছ চৰকাৰক কটাক্ষভাৱে সমালোচনা কৰে ৷ বঙালী সম্প্ৰদায় লোকসকলক কংগ্ৰেছ আৰু বিজেপি চৰকাৰখনে প্ৰতাৰনা কৰি আহিছে ৷ কংগ্ৰেছ-বিজেপি দুয়োটা দলেই হিন্দু বাঙালীৰ প্ৰধান শত্ৰু ৷ কংগ্ৰেছে বনাই যোৱা ডিটেনশ্যন কেম্প বিজেপি চৰকাৰে ভাঙি চূড়মাৰ কৰাৰ যি শ্লোগান দিছিল আজিৰ সময়ত বিজেপি চৰকাৰী নতুনকৈ ডিটেনশ্যন কেম্প নিৰ্মাণ কৰি হিন্দু বঙালী লোকসকলৰ ওপৰত অন্যায় কৰিছে বুলি মন্তব্য কৰে নেতা দুয়োজনে ৷
ইয়াৰোপৰি লামডিঙ সমষ্টিৰ বিধায়ক শিবু মিশ্ৰক সমালোচনা কৰি নেতা দুয়োগৰাকীয়ে কয় যে- বিধায়কগৰাকী কাৰ্যকালত এনআৰচিত কোনো হিন্দু বঙালী লোকৰ নাম বাদ পৰিলে বিধায়ক শিবু মিশ্ৰই পদত্যাগ কৰিব। কিন্তু বিধায়কগৰাকীয়ে আজি পৰ্যন্ত পদত্যাগ দিবলৈ ব্যৰ্থ হ’ল ৷ বিধায়ক শিবু মিশ্ৰই ডিটেনশ্যন কেম্পত থকা লামডিঙৰ জীয়ৰী চন্দ্ৰা ৰানী পালৰ বাবে কি কৰিলে বুলিও প্ৰশ্ন উথাপন কৰে ৷ লগতে এইবাৰ নিৰ্বাচনত বিধায়কগৰাকীয়ে টিকট লাভ নকৰে বুলি চৰ্চালৈ আহিছে সেয়েহে পদত্যাগ চৰকাৰ থাকোতে কৰিব নে টিকট নাপালে কৰিব সেই লৈও নেতা দুগৰাকীয়ে সংবাদ মাধ্যমৰ জড়িয়তে প্ৰশ্ন কৰে৷











