
ছাইদুল ইছলাম
ডিফু : অনিৰ্দিষ্ট কালৰ বাবে বিদ্যুৎ উৎপাদন বন্ধ হ’ল কাৰ্বিলাংপি জল বিদ্যুৎ প্ৰকল্পৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼৰ হাতীডুবিস্থিত “কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প”ত ভয়ানক পৰিস্থিতি । নিতৌ ৯/১০ ফুট তললৈ বহি গৈছে প্ৰকল্পৰ নদীবান্ধৰ কাষত থকা পাহাৰ। লগতে হৈছে ভয়াৱহ ভূমিস্খলন । নদীবান্ধলৈ বিস্তৃতি upstream লৈ যোৱা দুয়োটা পথত বৃহৎ বৃহৎ ফাঁট মেলি ।
ইতিমধ্যে প্ৰায় ১৫ ফুট তললৈ দাবী গৈছে পথ। ফলত ডেমলৈ যোৱাৰ পথদুটা সম্পূৰ্ন ৰূপে বন্ধ হৈ পৰিছে । যাৰ ফলত সম্প্ৰতি ডেমটোলৈ ভাবুকি নমি আহিছে । সেয়ে বিভাগীয় কৰ্তৃপক্ষই দেওবাৰে বান্ধৰ আটাইকেইটা গেইট খুলি পানী স্বাভাবিক বৈ থাকিবৰ বাবে ব্যবস্থা কৰি দিয়ে। সম্প্ৰতি প্ৰকল্পৰ বান্ধৰ কোনো সংৰক্ষিত পানী নাই । ফলত বিদ্যুৎ উৎপাদন কৰিব পাৰা নাযাব । অৰ্থাৎ অনিৰ্দিষ্ট কাললৈকে বিদ্যুৎ উৎপাদন বন্ধ থাকিব বুলি প্ৰকল্প বিষয়া প্ৰৱন বৰাই জানিবলৈ দিয়ে।

আনহাতে আজি স্থানীয় বিধায়ক ডা: মানছিং ৰংপি,চি.জি.এম.(হাইদ্ৰ)আৰ বিশ্বনাথ আৰু চি.জি.এম (জেনেৰেচন) অভিজিৎ ভূঞায়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।











