
জল্পনা কল্পনা অৱসান ঘটাই ২ অক্টোবৰৰ গান্ধীজয়ন্তী দিনা আনুষ্ঠানিকভাৱে ঘোষণা হ’ব কৃষক মুক্তিসহ ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম। সেইদিনা দিনৰ ১১ বজাত অসমবাসীৰ আগত আনুষ্ঠানিকভাৱে নতুন ৰাজনৈতিক দলটোৰ ঘোষণা কৰা হ’ব বুলি সংবাদমেল পাতি ঘোষণা কৰিলে কৃষক মুক্তি সংগ্রাম সমিতি সভাপতি ভাস্ক-ডি শইকীয়াই।
সন্মিলিত নেতৃত্বত আগবাঢ়িবলগা দলটোত জাতি-জনগোষ্ঠীৰ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোকে সামৰি লোৱা হ’ব বুলি জানিব দিয়ে শইকীয়াই।
“৭০ সংগঠনত নথকা শক্তিশালী জাতীয় সংগঠন আৰু এটা আঞ্চলিক দলো প্ৰস্তাৱিত ৰাজনৈতিক দলৰ অংশীদাৰ হ’ব। অখিল গগৈয়ে দলটোক নেতৃত্বৰ দিয়া সম্ভাৱনা আছে”- শইকীয়াই কয়।
দলটো সংবিধানৰ খচৰা তৈয়াৰ কৰা হৈছে। ৭০ সংগঠনৰ অধিকাংশ সংগঠনে ইতিমধ্যে প্ৰতিনিধি প্রেৰণ কৰিছে। যোৰহাট, বঙাইগাঁও আৰু গুৱাহাটীত দল গঠনৰ পূৰ্বে মতামত গ্ৰহণ কৰা বাবে নাগৰিক সভা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। যদি কোনো লোকে দলৰ সন্দৰ্ভত পৰামৰ্শ দিব বিচাৰে তেন্তে দিব পাৰে বুলি তেওঁ লগতে কয়।
নতুন দলটোত ৰাজ্যিক পৰ্যায়ৰ আহ্বায়ক সমিতি, মুখ্য আহ্বায়ক সমিতি আৰু উপদেষ্টা মণ্ডলী থাকিব। তাত কোন কোন থাকিব ইতিমধ্যে তালিকা প্ৰস্তুত কৰা বুলিও জানিব দিয়ে।
গুৱাহাটী গান্ধীবস্তিত সম্বোধন কৰা সংবাদমেলত তেওঁ লগতে কয় – কা-বিৰোধী ছাত্ৰ সমাজো প্রত্যক্ষভাৱে জড়িত হ’ব নতুন দলটোত।
সকলো আঞ্চলিক শক্তি একেখন মঞ্চত থিয় হৈ ঐক্যবদ্ধভাৱে বিজেপিক প্ৰতিহত কৰাই হ’ব দলৰ প্ৰধান লক্ষ্য। উল্লেখ দল গঠনৰ পূৰ্বে কৃষক মুক্তি গুৱাহাটী মুখ্য কাৰ্যলয়ত ঘনে ঘনে বৈঠকত মিলিত হৈছে ৭০ সংগঠনৰ প্ৰতিনিধি।












