
নিউজ ডেস্কঃ
ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, দাইল, মিঠাতেল, আলু, পিঁয়াজ আদিৰ লগতে ঔষধপাতিৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ লগতে ৰাজ্য চৰকাৰৰ উদাসীন মনোভাব আৰু নীৰৱ স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি অসম সংগ্ৰামী মহিলা মঞ্চই গুৱাহাটীৰ ৰটাৰীত এ কপ্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ আঞ্চলিক ৰাজনৈতিক দল অসম সংগ্ৰামী মঞ্চৰ ভগ্নী সংগঠনটোৱে আহ্বান জনোৱা এই কাৰ্যসূচীত অৰ্ধশতাধিক মহিলাই অংশগ্ৰহণ কৰে৷ কাৰ্যসূচীৰ নেতৃত্ব দিয়া সংগ্ৰামী মহিলা মঞ্চৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী তাপশ্ৰী নবিছে কয়, শেহতীয়া দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে ৰাইজক জীয়াতু ভোগাইছে৷ বিশেষকৈ নিম্ন মধ্যবিত্ত আৰু দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালসমূহৰ বাবে ঘৰ চলোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছে ৷ সাধাৰণ সম্পাদিকা শান্ত্বনা বৈশ্য বৰ্মনে কয়, চৰকাৰখনৰ একোটাকৈ বিয়াগোম বিভাগ থকাৰ পিছতো বিভাগসমূহে প্ৰয়োজনীয় তদাৰকী আৰু বাস্তৱসন্মত সিদ্ধান্ত নোলোৱাৰ বাবে বজাৰত সামগ্ৰীৰ দাম বৃদ্ধি পাই আছে৷ মঞ্চৰ সাধাৰণ সম্পাদিকা মামণি চৌধুৰীয়ে দাবী উত্থাপন কৰে যে কোভিডৰ সময়ছোৱাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ মাচুল ৰেহাই দিয়াৰ ক্ষেত্ৰতো চৰকাৰে বাধ্যতামূলক কৰিব লাগে ৷

কাৰ্যসূচীত উপস্থিত থাকে অসম সংগ্ৰামী মঞ্চৰ কেন্দ্ৰীয় সভাপতি দিগন্ত কোঁৱৰ, কাৰ্যকৰী সভাপতি বিমল প্ৰসাদ চৌধুৰী, উপ-সভাপতি সুৰেশ শইকীয়া, ইন্দ্ৰমোহন সৰকাৰ, গোপাল কলিতা, সাধাৰণ সম্পাদক ৰাছেল হুছেইন, সমৰজ্যোতি বেজবৰুৱা আদি৷












