
ডিফু : কৰ’নাৰ সংক্ৰমনৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কাৰবি আংলং জিলা প্ৰশাসনে ইয়াৰ ওপৰত পূৰ্বৰে পৰা বিশেষ সতৰ্তা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ জিলাখনৰ প্ৰতিটো মহকুমাত কৰ’নাৰ বিনামূলীয়া স্বাভ টেষ্ট পৰীক্ষাত জিলা প্ৰশাসনে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিঙহই নিজে ডিফু চহৰৰ মাজমজিয়াত অনুষ্ঠিত কৰ’না স্ক্ৰিনিং কেন্দ্ৰৰ সন্মূখত পথচাৰী আৰু অট’চালকসকলক কৰ’নাৰ বাবে স্বাভ টেষ্ট কৰিবলৈ উৎসাহিত কৰে ৷
আনহাতে, মঙলবাৰে ডিফু পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তাৰ স্বাক্ষৰিত এক নিৰ্দেশ মৰ্মে ডিফু চহৰৰ প্ৰতিজন, ব্যৱসায়ী, দোকানৰ কৰ্মচাৰীসকলক নিৰ্দেশ জাৰি হোৱাৰ তিনিদিনৰ ভিতৰত স্বাভ টেষ্ট কৰিবলৈ উল্লেখ কৰিছে ৷ স্বাভ টেষ্ট নকৰাকৈ কোনোৱে ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব নোৱাৰিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে ৷ উক্ত নিৰ্দেশনাৰ পিছত স্ক্ৰিনিং চেণ্টাৰত মানুহৰ ভিৰ পৰিলক্ষিত হৈছে ৷ উক্ত নিৰ্দেশনা জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে জাৰি কৰা হৈছে বুলি এক টেলিফোনিক বাৰ্তালাপত ডিফু পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তা নিপু চৰণ দত্তই এই প্ৰতিবেদকক জানিবলৈ দিছে।












