
ডিফু : উত্তৰ প্ৰদেশৰ হাথৰস ধৰ্ষণ কাণ্ডৰ ভুক্তভোগীৰ পৰিয়ালক প্ৰিয়ঙ্কা গান্ধীৰ লগতে স্থানীয় কংগ্ৰেছ নেতাসকলকলৈ ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিবলৈ খোজকাঢ়ি গৈ থকাৰ সময়ত উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে হোৱা বিবাদত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক অপদস্থ কৰাৰ অভিযোগত দেশজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে ৷ কাৰবি আংলঙ জিলা কংগ্ৰেছেও কংগ্ৰেছৰ নেতাগৰাকীক কৰা চৰম অপমানত ক্ষোভত ফাটি পৰিছে ৷
আজি জিলা কংগ্ৰেছ আৰু ইয়াৰ ভাতৃ সংগঠনসমূহে মিলি প্ৰতিকুল বতৰৰ মাজতো সদৰ চহৰ ডিফুৰ ৰংফাৰপী ৰংবে’ৰপ্ৰতিমূৰ্তিৰ ওচৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ ফেষ্টুন আদিলৈ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু যোগী আদিত্য নাথ হুছিয়াৰ, উত্তৰ প্ৰদেশ পুলিচ গ’বেক, বিজেপি মুৰ্দাবাদ, কংগ্ৰেছ আই জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ আদি ধ্বনিৰে ডিফুৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডঃ মংৱে ৰংপিয়ে সাংবাদিকৰ আগত কয় যে, উত্তৰ প্ৰদেশৰ এগৰাকী নিৰিহ ধৰ্ষিতাৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীসহ কংগ্ৰেছৰ নেতা কৰ্মীৰ ওপৰত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনা ধিক্কাৰ জনক ৷
ইয়াৰোপৰি উত্তৰ প্ৰদেশ আৰক্ষীৰ এনে বৰ্বোৰোচিত কাণ্ড গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷ আজিৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত জিলা কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্ব উপস্থিত আছিল ৷












