ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলঙৰ ডকমকাৰ ভিতৰুৱা অঞ্চল অন্ধবিশ্বাসৰ কঁৰাল গ্ৰাসত

ডাইনী হত্যাকাণ্ডকলৈ স্থানীয় লোকৰ অকপট স্বীকাৰোক্তি

News Desk by News Desk
October 2, 2020
Reading Time: 1 min read
A A
0

ATP Logo | ASSAM TIMES POST

RELATED POSTS

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

ডিফু : একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ঈৰ্শনীয় সফলতাৰ সময়তে অসম মুলুকৰে পাৰ্বত্য জিলা কাৰবি আংলঙৰ ডকমকা থানা এলেকাৰ দুৰ্গম অঞ্চলসমূহত অন্ধবিশ্বাসৰ নেগুৰত ধৰি সংঘটিত হৈ আছে ইটোৰ পিছত সিটো ডাইনী কাণ্ডৰ দৰে জঘন্য অপৰাধ৷ ডাইনী সন্দৰ্ভত থকা স্থানীয় বাসিন্দাৰ ভ্ৰান্ত ধাৰণাৰ অকপট স্বীকাৰোক্তিও বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাক চৰম ভেঙুচালি কৰা পৰিলক্ষিত   হৈছে ৷ সমগ্র ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টিকাৰী কার্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তর্গত লাংহিনৰ ৰহিমাপুৰ নামৰ এক অতিকে পিছপৰা এলেকাত সংঘটিত হোৱা ডাইনী কাণ্ডৰ সন্দর্ভত আৰক্ষীয়ে ইতিমধ্যে ৯ জন লোকক গ্রেপ্তাৰ কৰাৰ বিপৰীতে আন কেইবাজনো উক্ত ঘটনা সন্দর্ভত গ্রেপ্তাৰ হোৱাটো নিশ্চিত কৰিছে আৰক্ষীয়ে।

উল্লেখ যোগ্য যে, যোৱা ৩০ ছেপ্টেম্বৰত গাঁওখনত অন্ধবিশ্বাসৰ বলি হৈ একাংশ উন্মত্ত লোকে গাঁওখনৰ ৰমাৱতী হালোৱা (৫০) নামৰ মহিলাগৰাকীৰ লগতে বিজয় গৌড় (২৬) নামৰ যুৱকজনকো ডাইনীৰ সন্দেহত কোবাই কোবাই অতি নৃশংসভাবে হত্যা কৰিছিল। ইয়াৰ পিছতে কালি পুৱাৰ ভাগত ডকমকা আৰক্ষী এই সন্দর্ভত অৱগত হোৱাত কার্বি আংলং জিলা আৰক্ষী অধীক্ষক দেবজিৎ দেউৰীৰ নেতৃত্বত আৰক্ষীয়ে তৎপৰতাৰে বিষয়টো সন্দর্ভত তদন্ত কৰি ডাইনীৰ সন্দেহত দুজন লোকক হত্যা কৰাৰ অভিযোগত গাঁওখনৰ তিনিগৰাকী মহিলাসহ মুঠ ৯ জন লোকক সোধ-পোছৰ বাবে আটক কৰি আনি পিছত নিশা ইয়াৰে আঠজনক গ্রেপ্তাৰ কৰে। আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ৰহিমাপুৰৰ লোককেইজন ক্রমে ধনছিং গৌড়ৰ পুত্র সঞ্জ গৌড় ওৰফে নাগামিজ, কৈলাশ গৌড়ৰ পুত্র ৰাজেন গৌড়, তুলাৰাম গৌড়ৰ পুত্র কৃষ্ণ গৌড়, গণেশ গৌড়ৰ পুত্র ৰবিলাল গৌড়, প্রয়াত শংকৰ গৌড়ৰ পূত্র সীতাৰাম গৌড় পিতকল গৌড়ৰ পত্নী বাইগুল গৌড়, কৈলাশ গৌড়ৰ কন্যা কাজল গৌড় আৰু শম্ভু গৌড়ৰ কন্যা জোনালী গৌড় বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে সঞ্জ গৌড় ওৰফে নাগামিজ আৰু সীতাৰাম গৌড়ক মূল অভিযুক্ত হিচাপে চিহ্নিত কৰা হৈছে।

আনহাতে, উক্ত নৃশংস হত্যাকাণ্ডৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গাঁওখনৰ দীপক গৌড়, লুলু গৌড়, মানছিং গৌড়, বাবুৰাম গোৱালা আৰু শিৱলাল গৌড়ৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে। ইয়াৰে মানছিং গৌড় নামৰ তান্ত্রিকগৰাকীৰ নির্দেশনাতে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষী সুত্রে জানিব পৰা গৈছে ৷ এই সন্দর্ভত ডকমকা থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৩০২/৩০১/৩৪১/৩৫৪/৩২৩ ধাৰাত ৩২/২০২০ নম্বৰত এক গোচৰ তৰি তদন্ত অব্যাহত ৰাখিছে।

ইফালে, ডাইনী কাণ্ড সংঘটিত হোৱাৰ পিছতে নিশাটোৰ ভিতৰতে চর্চিত হৈ পৰা লাংহিনৰ এক পাহাৰৰ দাঁতি কাষৰীয়া অত্যন্ত পিছপৰা এলেকা ৰহিমাপুৰ গাঁবত তীব্র আতংকময় পৰিবেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। অতি দুর্গম বাট-পথৰ মাজেৰে আজি গাঁওখনত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে সাংবাদিকৰ এটা দল উপস্থিত হয় যদিও প্রায় ৩৫ টা পৰিয়ালে বসবাস কৰা গাঁওখনত প্রায় জনশূন্য পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। শেহতীয়াকৈ ডাইনী কাণ্ড সন্দর্ভত কার্বি আংলং জিলা আৰক্ষীয়ে প্রদর্শন কৰা কঠোৰ স্থিতিৰ
বাবেই আতংকগ্রস্ত হৈ এনেদৰে গাঁওখন জনশূন্য হৈ পৰা বুলি অনুমান কৰা হৈছে। অৱশ্যে, ইয়াৰ মাজতো গাঁওখনত লগ পোৱা দুই এজন লোকৰ সৈতে হোবা বার্তালাপত গাঁওবাসীৰ মাজত শিপাই থকা কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ এক ভয়ংকৰ পৰিস্থিতিৰ উমান পোৱা গৈছে। ৰহিমাপুৰৰ গাঁওবুঢ়া কৈলাশ গৌড়েও উক্ত দিনাৰ ঘটনাৰ শিহৰণকাৰী বিৱৰণ দাঙি ধৰাৰ লগতে ডাইনী সম্পর্কীয় নিজ অন্ধবিশ্বাসৰ কথা সংবাদ মাধ্যমৰ আগত অকপটে স্বীকাৰ কৰে।

এইক্ষেত্রত ডাইনীৰ সন্দেহত একেখন গাৱৰে দুজন লোকক অতি নৃশংসভাৱে কোবাই কোবাই হত্যা কৰা ঘটনাকলৈও কোনোধৰণৰ অনুসূচনাৰ প্রকাশো দেখিবলৈ পোৱা নগ’ল। প্রসংগত্রমে উল্লেখযোগ্য যে, শিক্ষা, আধুনিক স্বাস্থ্যসেৱা , বাট-পথ, উন্নয়ন আদি সকলো দিশৰে পৰা বঞ্চিত হৈ যুগ যুগ ধৰি অন্ধবিশ্বাসৰ কৰাল গ্রাসত নিমজ্জিত হৈ থকা ৰহিমাপুৰবাসীৰ দৰে জিলাখনৰ বিভিন্ন প্রান্তত এনে অন্ধ বিশ্বাসৰ বলি হৈ থকা অগণন লোকক এনে কুসংস্কাৰৰ গ্রাসৰ পৰা মুক্ত কৰি তোলাতো আজিৰ সময়ৰ এক বৃহৎ প্রত্যাহান হিচাপে পৰিগণিত হৈছে।

আনহাতে, এইসমূহ সমাজক শীঘ্রেই অন্ধবিশ্বাস মুক্ত কৰি তুলিব নোৱাৰিলে আগৰ দিনত ৰহিমাপুৰৰ দৰে অধিক ঘটনা সংঘটিত হোৱাৰ আশংকা দিনক দিনে উদ্বোগজনকভাবে বৃদ্ধি পাই আহিছে। তেনেস্থলত এনে সমাজক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি তোলাৰ বাবে কেনেধৰণৰ ব্যবস্থা গ্রহণ কৰে সিও নিশ্চিতভাৱে এক বিশেষ গুকত্বপূর্ণ বিষয় হিচাপে বিবেচিত হৈছে।

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি আজি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই ডকমকাৰ ডাইনী কাণ্ডৰ অন্যতম দুই অভিযুক্ত ক্ৰমে মানছিং গৌড় আৰু বাবুৰাম গোৱালাক আটক কৰিবলৈ সক্ষম হৈছে । ইয়াৰে মানছিং গৌড় এগৰাকী তান্ত্ৰিক হোৱাৰ লগতে যোৱা বুধবাৰে ডকমকাৰ ৰহিমাপুৰ গাঁৱত দুগৰাকী নীৰিহ লোকক ডাইনী সজাই হত্যা কৰাৰ ঘটনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

Tags: Featured
Share4Tweet3Send

Related Posts

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
ADVERTISEMENT
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
50
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

July 28, 2026
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx