স্বাস্থ্য প্ৰতিবেদন:
সাধাৰণ কেইবাটাও উপসর্গক অৱহেলা কৰিলে তাৰ ফল হ’ব পাৰে মাৰাত্মক। বিশেষজ্ঞ চিকিৎসকে এই বিষয়ে তলৰ পৰামৰ্শসমূহ আগবঢ়ায়। জানক আৰু সতর্ক হওক—
• সোনকালে ক্লান্ত হৈ পৰা। ৰক্তহীনতা, ডায়েবেটিছ, থাইৰয়ডৰ সমস্যা, ডিপ্রেছনৰ লক্ষণ হ’ব পাৰে।
• বিনা কাৰণত হঠাৎ ওজন কমি যোৱা। এইটো কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ উপসর্গ হ’ব পাৰে। উপেক্ষা নকৰিব।
• হাতৰ আখৰ সলনি হৈ যোৱা। এইটো পার্কিনছন্স ডিজিজ বা স্নায়ুৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।
• বেছি বা কম প্রস্রাব হোৱাটো ডায়াবেটিছ বা প্রষ্টেট কেঞ্চাৰৰ লক্ষণ হ’ব পাৰে। ঘন হালধীয়া ৰঙৰ প্রস্রাব হ’লে লিভাৰৰ সমস্যা হ’ব পাৰে।
• শৰীৰৰ কোনো অংশ ফুলি গ’লে ৰক্তহীনতা, কিডনি বা লিভাৰৰ সমস্যা হ’ব পাৰে। শৰীৰত পানীও জমা হৈ থাকিব পাৰে।
• টোপনিৰ সময়ত দাঁতে দাঁতে লাগি যোৱাটো স্ট্রেছ বা মানসিক চাপৰ উপসর্গ হ’ব পাৰে। অতিৰিক্ত নিচা কৰা বা পেটত কৃমি জমাৰ কাৰণেও এনেকুৱা লক্ষণ দেখা যায়।
• ঘনে ঘনে পেটৰ সমস্যা কলোন বা অভাৰিয়ান কেঞ্চাৰৰ লক্ষণ হ’ব পাৰে।
• অতিৰিক্ত ঘাম ওলোৱাটো হাইপাৰ হাইড্রোচিছ ৰোগৰ লক্ষণ হ’ব পাৰে।