
গুৰুগ্ৰামত ভাৰতীয় বায়ুসেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াক আক্ৰমণৰ অভিযোগ। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত (Kargil War) যুদ্ধ কৰিছিল বায়ুসেনাৰ প্ৰাক্তন কেপ্টেইন অমিত কুমাৰ গুপ্তাই (Captain Amit Kumar Gupta)। সেই সময়ত তেওঁ বায়ুসেনাৰ বিশেষ অভিযান ‘অপাৰেচন চফেড সাগৰ’ৰ সৈতে জড়িত আছিল। বৃহস্পতিবাৰে এখন ৰেষ্টুৰেণ্টত পৰিয়ালৰ সৈতে খাদ্য গ্ৰহণ কৰি থকা অৱস্থাত তেওঁক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
অমিতে আৰক্ষীক জনোৱা মতে, তেওঁ ছেক্টৰ ৫৮ৰ এম৩এম মেগনাম বিজনেছ পাৰ্কৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল। বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত তেওঁৰ গাড়ীখন ৰেষ্টুৰেণ্টখনৰ সন্মুখত উপস্থিত হয়। অমিতে পৰিয়ালৰ লোকক তাত নমাই দি গাড়ী ৰখাবলৈ ঠাই বিচাৰি আছিল। কেইবাটাও স্থানৰ পৰা তেওঁক ঘূৰাই দিয়াৰ অভিযোগ। ইয়াৰ পিছতে পাৰ্কিং মেনেজমেণ্টৰ কৰ্মচাৰীৰ সৈতে তেওঁৰ তৰ্ক-বিতৰ্ক হয়। অভিযোগ অনুসৰি, সেই মুহূৰ্ততে এজন কৰ্মচাৰীয়ে হঠাতে তেওঁৰ গাড়ীৰ খিৰিকীত ঘোচা মাৰিবলৈ আৰম্ভ কৰে।

বায়ুসেনাৰ প্ৰাক্তন বিষয়াজনে গাড়ীৰ পৰা নামি তেওঁক ৰখাবলৈ গৈ আক্ৰমণৰ বলি হয়। অভিযোগ অনুসৰি, তেওঁৰ মূৰত লোহাৰ ৰডেৰে বহুবাৰ আঘাত কৰা হয়। আক্ৰমণত তেওঁৰ বাওঁহাতখনো ভাঙি যায়। ইয়াৰ পিছত অভিযুক্ত তাৰ পৰা পলায়ন কৰে। এই ঘটনা সন্দৰ্ভত দেওবাৰে ছেক্টৰ ৬৫ থানাত অমিতে লিখিত এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিও অভিযুক্তক চিনাক্ত কৰা হৈছে। অৱশ্যে এই প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল।
ছেক্টৰ ৬৫ থানাৰ এছএইচঅ’ ৰামবীৰ সিঙে জনোৱা মতে, প্ৰাৰম্ভিক তদন্তত অমিতৰ ওপৰত আক্ৰমণৰ কথা নিশ্চিত হৈছে। পাৰ্কিঙক লৈ আৰম্ভ হৈছিল তৰ্ক। এএছআই সন্দীপ কুমাৰে কয় যে অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব। সেইদিনা ঠিক কি হৈছিল, কি কাৰণত অমিতক মাৰপিট কৰা হৈছিল, তাৰ তদন্ত চলি আছে।













