
১৯৫৫ চনত স্থাপিত ডিফু কলাকেন্দ্ৰই ৭২ বছৰত ভৰি দিলে। এই উপলক্ষে ডিফুস্থিত কাৰ্য্যালয়ত প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয়। কলাকেন্দ্ৰৰ সভাপতিৰ দিলীপ দাসে আঁত ধৰাৰ অনুষ্ঠানত কলা আৰু সংগীত প্ৰতিষ্ঠানৰ পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি মুকুল চন্দ্ৰ বৰুৱাই। আনহাতে, বিশিষ্ট শিল্পী সত্যেন্দ্ৰ তেৰাঙে ছহিদ তৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰে।

ইফালে পৰিচালনা সমিতিৰ সম্পাদক দিলীপ কুমাৰ দাসৰ নেতৃত্বত কেন্দ্ৰটোৰ এটা প্ৰতিনিধি দলে পদ্মশ্ৰী সন্মানপ্ৰাপক পখিলা লেকথেপীৰ বাসভৱনত উপস্থিত হৈ তেওঁক সন্মান জনায়। বিশিষ্ট লোকশিল্পীগৰাকীক শৰাই, প্ৰশস্তিপত্ৰ আৰু ফুলাম গামোচাৰে কলাকেন্দ্ৰৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।













