
ডিফু : কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক নিৰ্দেশ মৰ্মে বিগত সময়ছোৱাত আন্তর্জাতিক ড্রাগছ সৰবৰাহহকাৰী চক্রৰ বিৰূদ্ধে অন্যতম সফল অভিযান চলাই অহা মাঞ্জা আৰক্ষীয়ে কালিৰে পৰা অভিযান চলাই প্রায় ৮ কোটি টকাৰ ড্রাগছ জব্দ কৰাৰ লগতে মুঠ তিনিটা দুধৰ্ষ ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সুত্রৰ ভিত্তিত কালি বিয়লি কার্বি আংলং জিলা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মাঞ্জাত মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক জব্দ কৰি অভিযান চলায়। উক্ত অভিযানত আৰক্ষীয়ে এক কিঃ গ্রাঃ ব্রাউন ছুগাৰ জব্দ কৰাৰ লগতে ৫০৭০টা নিচাযুক্ত য়াবা টেবলেট জন্দ কৰিবলৈ সক্ষম হয়। ইয়াৰে ব্রাউন ছুগাৰখিনিৰ বজাৰ মূল্য পাঁচ কোটি টকা হোৱাৰ লগতে নিচায়ুক্ত টেবলেটসমূহৰ বজাৰ মূল্য কমেও তিনি কোটি টকা বুলি জানিব পবা গৈছে। ইয়াকে লৈ কালি মাঞ্জাত আৰক্ষীয়ে মুঠ আঠ কোটি টকাৰ ড্রাগছ জব্দ কৰাৰ লগতে এই সন্দর্ভত বিহাৰৰ বিনোদ প্রসাদ (৩২) আৰু গণেশ শাহ (২৭) নামৰ দুই ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে, এই দুই ড্রাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকা আৰু ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্রীৰ নেতৃত্বত কার্বি আংলং আৰক্ষীৰ এটা দলে অসম আৰক্ষীৰ অপৰাধ শাখা আৰু বশিষ্ঠ আবক্ষীৰ সহযোগত গুৱাহাটীৰ বশিষ্ঠত অভিযান চলাই দীনেশ কুমাৰ নামৰ আন এটা ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।
মহানগৰীৰ বশিষ্ঠত বাহৰ পাতি দীনেশ কুমাৰ নামৰ অপৰাধীটোৱে ড্রাগছ সৰবৰাহৰ এই সমস্ত কাণ্ড পৰিচালনা কৰি আহিছিল বুলি এক সুত্রই সদৰি কৰিছে। সূত্রটোৱে লগতে সদৰি কৰা মতে, ড্রাগছ সৰবৰাহকাৰীৰ চক্রটোৱে মূলতঃ পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত থাকি ইয়াৰ আঁৰলৈ গোপনে এক বৃহৎ ড্রাগছ সৰবৰাহকাৰী চক্র গঢ়ি তুলিবলৈ সক্ষম হৈছে।
কালি জব্দ হোৱা বিশাল পৰিমাণৰ এই নিচাযুক্ত সামগ্রীসমূহ ইম্ফলৰ পৰা গুৱাহাটীলৈ নি পিছত অন্য ৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰকল্পনা আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই অভিযানত ড্রাগছ সৰবৰাহ কৰা ট্রাকখনৰ লগতে দীনেশ কুমাৰৰ ঘৰত অভিযান চলাই এখন মাৰুতী অল্ট বাহন জব্দ কৰে যদিও তদন্তৰ খাতিৰত জব্দ হােৱা বাহন দুখনৰ সবিশেষ তথ্য প্রদানৰ পৰা বিৰত আছে আৰক্ষী।












