
ডিফু : পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত অপ্ৰীতিকৰ পৰিস্থিতি ৷ তাপাত অঞ্চলত স্থানীয় ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা ৷ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত বিগত বহু সময় ধৰি মেঘালয়ৰ প্ৰশাসন বা মেঘালয়ৰ আগ্ৰাসনৰ অপচেষ্টা অব্যাহত ৰাখিছে ৷
শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণ আৰক্ষী চকীৰ অন্তৰ্গত লাংকেৰই অঞ্চলত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ তাপাত আৰু খান্দুলি সংযোগী ১১.৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণকাৰ্য চলি থকা অৱস্থাত মেঘালয়ৰ পৰা অহা সহস্ৰাধিক খাছীয়ালোকে পথ নিৰ্মাণৰ সামগ্ৰী আৰু বনুৱাসকল থকা অস্থায়ী বাসগৃহ ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰাৰ লগতে নিৰ্মাণকাৰ্য চলি থকাস্থানৰ পৰা খেদি পঠিয়াই ৷
উক্ত ঘটনাক লৈ সম্প্ৰতি তাপাত অঞ্চলত এক চেপা উত্তেজনা অব্যাহত আছে ৷ বিষয় সন্দৰ্ভত স্থানীয় বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ডাঃ মানছিং ৰংপি, কাৰ্বি পৰিষদৰ সীমান্ত উন্নয়ন সমিতিৰ অধ্যক্ষ ৰিচাৰ্ডচন হাঞ্চেৰ নেতৃত্বত তাপাত অঞ্চলৰ স্থানীয়লোকৰ সৈতে এখনি গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় আৰু সভাতেই ৰাইজক আতংকিত নহবলৈ অনুৰোধ কৰাৰ লগতে সীমান্তবাসী ৰাইজক একগোট হৈ থাকিবলৈও অনুৰোধ জনাই জনপ্ৰতিনিধিসকলে ৷ উল্লেখযোগ্য যে উক্ত ঘটনাত মেঘালয় প্ৰশাসন জড়িত নাই বুলি উল্লেখ কৰে বিধায়ক মানছিং ৰংপিয়ে ৷












