
ডিফু : ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা কেলেংকাৰীৰ বাবে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে আজি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে কাৰবি আংলং জিলা কংগ্ৰেছে ৷
এই উপলক্ষে আজি ডিফুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা জিলা কংগ্ৰেছ, জিলা মহিলা কংগ্ৰেছ, এনএছইউ আই, সেৱা দল আদিয়ে এক সমদল ওলাই জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাওৰ দিশে অগ্ৰসৰ হয় ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে কংগ্ৰেছৰ বেনাৰ, প’ষ্টাৰ পতাকা আদিলৈ বিজেপি গ’ বেক, এছআই কেলেংকাৰীৰৰ তদন্ত কৰক, নৰেন্দ্ৰ মোদী হায়, হায়, সৰ্বানন্দ সোণোৱাল হায়, হায়, এছ আই কেলেংকাৰীৰ দোষীক শাস্তি দিয়ক আদি ধ্বনিৰে ডিফুৰ আকাশ বতাহ কঁপাই তোলে ৷

প্ৰতিবাদকাৰী কংগ্ৰেছৰ দলটোৱে এছপি কাৰ্যালয় ঘেৰাওৰ খবৰ লাভ কৰি জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্বত্ব অসম আৰক্ষী, বেটেলিয়ান, চিআৰপিএফ জোৱানে ২নং পুলিছ পইণ্টত আৰক্ষীৰ নিচ্ছিদ্ৰ বেৰিকেড সৃষ্টি কৰি প্ৰতিবাদকাৰী দলটোক অধিক অগ্ৰসৰ হোৱাত বাধা আৰোপ কৰে৷
প্ৰতিবাদকাৰী দলটো তাৰ পৰাই বিমুখহৈ উভতি যাবলৈ বাধ্য হয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা কংগ্ৰেছৰ উপ-সভাপতি ৰতন ইংতিয়ে কয় যে, বিজেপি চৰকাৰখন আৰএছএছ আৰু নাগপুৰৰ আজ্ঞাবাহী চৰকাৰ৷ সমগ্ৰ আৰক্ষী বিভাগত এনে ভুৱা পৰীক্ষা পাতি আৰএছএছ প্ৰাৰ্থীক সোমোৱাই দিব বিচাৰিছে ৷ ইয়াৰ এক নিৰপেক্ষ ন্যায়িক তদন্ত হ’ব লাগে ৷

আনহাতে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদত ডাঃ মংবে ৰংপিয়ে কয় যে, অসমত গ্ৰেজুৱেট, প’ষ্ট গ্ৰেজুৱেট উত্তীৰ্ণ প্ৰাৰ্থীৰ লগতে নিবণুৱা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ৷ এওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ কোনো সদিচ্ছা নাই ওলোটাই আৰক্ষী বিভাগৰ বাবে অনুষ্ঠিত কৰা এছআই পৰীক্ষাতো বিয়াগোম কেলেংকাৰী সংঘটিত কৰিলে ৷ কংগ্ৰেছে এনে কাৰ্যৰ নিন্দা কৰে বুলি কয় ৷ এছ আই কেলেংকাৰীৰ কোনো অৱসৰ প্ৰাপ্ত ন্যায়াধীশক তদন্ত নকৰাই কৰ্মৰত সক্ৰিয় ন্যায়াধীশৰ সৈতে তদন্ত কৰোৱাৰ দাবী জনায় যদিও ইয়াৰ পূৰ্বে গৃহ বিভাগৰো দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাৰ পদত্যাগৰ দাবী জনায় ডা: মংবে ৰংপিয়ে ৷












