
ডিফু : ‘কা’, ইআইএ, বাতিলকে আৰম্ভ কৰি অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী কৰণৰ লগতে বাঘজানৰ জুইত ক্ষতিগ্ৰস্থসকলক ক্ষতিপূৰণ দিয়াৰ স্বাৰ্থত আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত আছুসহ ৩০টা জনগোষ্ঠীয় সংগঠনৰ নেতা সদস্যসকলে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা হায়, হায়, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি গ’ বেক, অসম চুক্তি ৰূপায়ণ কৰক,’ ইআইএ’, ‘কা’ বাতিল কৰক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে ৷

আছুৰ ডিফু আঞ্চলিকে জননেতা প্ৰয়াত ছেমছনছিং ইংতি মেমৰিয়েলৰ পাৰ্কৰ সন্মূখত আয়োজন কৰা মানৱ শৃংখল কাৰ্যসূচীত আছুৰ জিলা উপ-সভাপতি শ্যামন্ত গগৈ, সাধাৰণ সম্পাদক চৰ্জোন হাঞ্চে, ডিফু আঞ্চলিকৰ সভাপতি নেকিব আহমেদ আৰু সম্পাদক এলভিন ৰংপি অংশগ্ৰহণ কৰে ৷ জিলা সাধাৰণ সম্পাদক চৰ্জোন হাঞ্চেই সাংবাদিকক সম্বোধন কৰি কয় যে, বিজেপি এখন ফেচিষ্ট চৰকাৰ ৷ জাতিধ্বংসী, বনধ্বংসী আইন ক্ৰমে ‘কা’ আৰু ই আই এ বাতিলৰ লগতে অসমীয়া ৰাইজৰ স্বাৰ্থৰ লগত জড়িত অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ নোহোৱালৈকে অসমীয়া তথা আছুৱে শান্তহৈ হাত সাৱটি বহি নাথাকে ৷
আজিৰ মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আছুৰ হৈ সকিয়াই দিছো বুলি মন্তব্য কৰে জিলা সাধাৰণ সম্পাদকগৰাকীয়ে ৷












