
ডিফু : যোৱা ৩০ ছেপ্টেম্বৰত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত ৰহিমাপুৰত সংঘটিত হোৱা ডাইনী কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে পুনৰ ৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই ৯ জনক ধৰি বৰ্তমানলৈকে মুঠ ১৮ জন আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা এই সন্দৰ্ভত জোৰদাৰ তদন্ত অব্যাহত ৰখা আৰক্ষীয়ে কালি বিয়লিৰ পৰা নতুনকৈ এই ৯ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইগৰাকী ৰহিমাপুৰ নিবাসী জেনছিং গৌড় (৫৫), ৰামাধৰ গৌড় (৪০), লুলু গৌড় (২৫), বাবুৰাম গোৱালা (৩০), দীপক গৌড় (২৮), সন্তোষ গৌড় (২২), চেনছিং গৌড় (৩৫), পিতৰুল গৌড় (৪০) আৰু ভকছিং গৌড় ওৰফে লক্ষীচৰণ (৩২) বুলি চিনাক্ত কৰা হৈছে । পৰৱৰ্তী পৰ্যায়ত আৰু কেইবাগৰাকীও অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।












