মনোজ কুমাৰ পাঠক
লংকা : আগ্ৰহ, একাগ্ৰতা,সাধনা থাকিলে যে মানুহে হাজাৰ ব্যস্ত থাকিলেও নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে লংকাৰ শংকৰদেৱ নগৰৰ এগৰাকী বিৱাহিত মহিলাই । লংকাৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ নিজ গৃহৰ সম্মুখত পাকঘৰ নামেৰে এখন ভাতৰ হোটেল খুলি জীৱন-নিৰ্বাহ কৰা বিবাহিত মহিলা ববী বৰকটকী সৰুৰ পৰাই সংগীত চৰ্চাৰ প্ৰতি আছিল আগ্ৰহী। নিজৰ ব্যৱসায়ৰ মাজতেই সময় উলিয়াই ববীয়ে চলাই গৈছিল সংগীত চৰ্চা।
নিজৰ সাধনা আৰু একাগ্ৰতাৰ বলত ববীয়ে NJ PRODUCTIONৰ বেনাৰত বাণীবদ্ধ কৰি উলিয়াই “আদৰৰে বন্ধু” শীৰ্ষক এটি বেংগলী গীত। গীতটি বাণীবদ্ধ কৰাৰ লগতে অসমৰ অভিনয় জগতৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু অভিনেত্ৰী জয়শ্ৰী দ্বাৰা অভিনিত এক ভিডিঅ’ গীতও বনাই ৰাইজক উপহাৰ দিয়ে ববীয়ে। লংকাৰ শংকৰদেৱ নগৰৰ ববী বৰকটকীৰ নিজ গৃহৰ চোতালত নিশা এক অনুষ্ঠান পাতি উন্মোচন কৰে উক্ত গীতটো। বৰ্তমান ৰাইজৰ সুবিধাৰ্থে YOUTUBEতো প্ৰচাৰ কৰা হৈছে গীতটো। গীতটো উন্মোচন কৰি বিগতো দিনটো আৰু ন ন গীত বাণীবদ্ধ কৰি ৰাইজক উপহাৰ দিয়াৰ বাবে চেষ্টা অব্যাহত থাকিব বুলি ববী বৰকটকীয়ে জানিব দিয়ে ।











