
নগাঁও : কৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ মাজতো চিকিৎসকসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছে। চিকিৎসকসকলে আগবঢ়োৱা এনে মানৱসেৱাৰ বিপৰীতে একাংশ লোকে চিকিৎসা গাফিলতিৰ অভিযোগ আনি সময়ে সময়ে অবিবেচকৰ দৰে চিকিৎসকক অপদস্থ কৰাৰ ঘটনা সংঘটিত হৈ আহিছে। নগাঁৱৰ ম’হখুলিস্থিত মাতৃ আৰু শিশু চিকিৎসালয়ত আজি এগৰাকী প্ৰসূতিৰ আত্মীয়ই এগৰাকী মহিলা চিকিৎসকক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। প্ৰাপ্ত অভিযোগ মতে, ম’হখুলিৰ মাতৃ আৰু শিশু চিকিৎসালয়ত কৰ্মৰত ডাঃ চেমিম নামৰ চিকিৎসকগৰাকীক চিকিৎসালয়খনৰ চৌহদতে ৰেজিনা বেগম নামৰ এগৰাকী প্ৰসূতিৰ আত্মীয়ই শাৰীৰিক ভাৱে অপদস্থ কৰে।
আনহাতে ইয়াতে ক্ষান্ত নাথাকি প্ৰসূতিগৰাকীৰ আত্মীয়ই চিকিৎসকগৰাকীৰ বাহনখনৰ ক্ষতি সাধনৰ চেষ্টা চলায়। জানিব পৰা মতে, জখলাবন্ধাৰ প্ৰসূতি গৰাকীক জখলাবন্ধা চিকিৎসালয়ৰ পৰা তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও প্ৰসূতিগৰাকীৰ আত্মীয়ই তেজপুৰৰ পৰিৱৰ্তে নগাঁৱৰ ম’হখুলি মাতৃ আৰু শিশু চিকিৎসালয়লৈ আনে ।
আনহাতে ৰক্তচাপ বাঢ়ি থকা প্ৰসূতিগৰাকীৰ নগাঁৱত অস্ত্ৰোপচাৰ কৰিব পৰা নাযাব বুলি চিকিৎসক ডাঃ চেমিমে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে । ইয়াতে খড়্গহস্ত হৈ প্ৰসূতি গৰাকীৰ সম্পৰ্কীয় নগাঁৱৰ একাংশ লোকে মহিলা চিকিৎসকগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰে । আনহাতে সমস্ত ঘটনা সন্দৰ্ভত ডাঃ চেমিমে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।











