ASSAM TIMES POST
গুৱাহাটীঃ সংসদীয় ৰাজনীতিত আকৌ সক্ৰিয় হৈ উঠিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু অসমৰপৰা নিৰ্বাচিত হৈ অহা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ডঃ মনমোহন সিং। পিছে এইবাৰ অসমৰপৰা নহয়, ৰাজস্থানৰপৰা উচ্চ সদনলৈ যাব তেওঁ।
প্ৰাপ্ত তথ্য অনুসৰি ৰাজস্থানৰপৰা ৰাজ্যসভালৈ মনোনীত হোৱা বিজেপি সাংসদ মদনলাল চাইনিৰ মৃত্যুৰ বাবে যোৱা ৭ আগষ্টত নিৰ্বাচন আয়োগে ইয়াৰ উপ-নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছে। সেয়ে ইয়াত ডঃ সিঙক প্ৰাৰ্থীত্ব প্ৰদানৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে। জানিবপৰা মতে অহা ১৩ আগষ্টত ডঃ সিঙে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ জয়পুৰলৈ যাব।
উল্লেখযোগ্য যে অসমৰপৰা প্ৰায় তিনিটা দশক ধৰি ৰাজ্যসভালৈ মনোনীত হোৱাৰ পাছত বিজেপিৰ নেতৃত্বত ৰাজ্য চৰকাৰ গঠন হোৱাতে ডঃ সিঙৰ সক্ৰিয় ৰাজনৈতিক জীৱনৰ অন্ত পৰিল বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছিল। কিন্তু ইয়াৰ বিপৰীতে আগন্তুক উপ-নিৰ্বাচনত সিং ৰাজস্থানৰপৰা নিৰ্বাচিত হোৱাৰ সম্ভাৱনা প্ৰৱল। কিয়নো ৰাজস্থান বিধানসভাত ৫০ শতাংশৰো অধিক কংগ্ৰেছ বিধায়ক আছে।













