
ডিফু : দেশজুৰি আলোড়নৰ সৃষ্টি কৰা উত্তৰ প্রদেশৰ হথৰাছৰ ধর্ষণকাণ্ড সন্দৰ্ভত উত্তৰ প্রদেশ চবকাৰৰ বিৰুদ্ধে অমানৱীয় আৰু অগণতান্ত্রিক আচৰণ প্রদর্শন কৰাৰ গুৰুতৰ অভিযোগ উখাপন কৰি আজি ডিফুত কার্বি আংলং জিলা কংগ্রেছৰ উদ্যোগত এক দুঘন্টীয়া মৌন সত্যাগ্রহ কার্যসূচী ৰপায়ণ কৰা হয়। আজি দিনৰ এঘাৰ বজাত ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানৰ সম্মুখত কংগ্রেছে দলৰ ভালেসংখ্যক নেতাকর্মীয়ে অৱস্থান কৰি উত্তৰ প্রদেশৰ উক্ত ঘটনাৰ বিৰুদ্ধে প্রতিবাদ সাব্যক্ত কৰে। প্রতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লে-কার্ড প্রদর্শন কৰি উত্তৰ প্রদেশৰ উক্ত ঘৃণনীয় ঘটনাৰ বলি হোৱা যুৱতীগৰাকীক ন্যায় প্রদানৰ লগতে দোষীক মৃত্যুদণ্ড দিয়াৰ দাবী জনায়।

প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি অসম প্রদেশ কংগ্রেছৰ সম্পাদক ডাঃ মংবে ৰংপিয়ে উত্তৰ প্রদেশৰ উক্ত ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নির্যাতিতাৰ পৰিয়ালক সাক্ষাতৰ বাবে যোৱা অৱস্থাত কংগ্রেছ নেতা ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীক কৰা দুর্ব্যৱহাৰ বিৰূদ্ধেও প্রতিবাদ জনায়।

উক্ত ঘটনাৰ বিৰুদ্ধে এক ফাষ্টট্রেক আদালতত বিচাৰ প্রক্রিয়া চলাই দোষীক কঠোৰ শাস্তি প্রদানৰ দাবী জনায়। জিলা কংগ্রেছৰ কার্যকৰী সভাপতি অশোক টেৰণে উত্তৰ প্রদেশৰ উক্ত ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাত জড়িত দোষীক ফাচী দিয়াৰ দাবী জনায়। উক্ত কাৰ্যসূচীত জিলা কংগ্ৰেছৰ উপসভাপতি ৰতন ইংতি আৰু ৰাতুল টেৰণ লগতে মহিলা কংগ্ৰেছৰ নেত্ৰীসকল আৰু কংগ্ৰেছৰ বন্ধু সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে৷












