
ডিফু : ক্ৰমান্বয়ে স্মাৰ্ট চিটিৰ দিশে অগ্ৰসৰ হোৱা ডিফু চহৰত স্থাপন হব ধৰিছে ইটোৰ পিছত সিটো বিলাসী শ্বপিং মল আৰু মাৰ্কেট কমপ্লেক্স ৷ চহৰখনৰ এমজি ৰোডৰ ১নং পুলিছ পইণ্টৰ ওচৰতস্থিত বিশাল মাৰ্কেটৰ পিছত এইবাৰ ডিফু ধৰমনালা পথৰ পকী দলঙৰ কাষত আজিৰে পৰা ব্যৱসায়ৰ শুভাৰম্ভ কৰিছে ভাৰতৰ অন্যতম এম. বাজাৰে ৷ আজি এম. বাজাৰৰ বিক্ৰী কেন্দ্ৰটোৰ শুভ উদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছাই ৷ উদ্ধোধনী কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা এম. বাজাৰৰ স্থানীয় তত্বাৱধায়ক মনোজ জৈন ৷ দুয়োগৰাকীয়ে এম. বাজাৰ বিক্ৰী কেন্দ্ৰত ঘূৰি পকি সকলো প্ৰডাক্ট দৰ্শন কৰি আপ্লুত হৈ পৰে ৷

আনহাতে আজি এম, বাজাৰৰ ষ্টোৰ মেনেজাৰ সন্তোষ দেৱে সাংবাদিকৰ এইদৰে কয় যে, এম, বাজাৰে ডিফু চহৰৰ গ্ৰাহকসকলক সুলভ মূল্যত অতি উৎকৃষ্ট মানৰ সামগ্ৰী যোগান ধৰিবলৈ সচেষ্ট থাকিব ৷ এম বাজাৰৰ অসমকে ধৰি ৭ খন ৰাজ্যত ৮৫খন ষ্ট’ৰ্চ আছে বুলি জনায়, ইয়াৰো আৰম্ভনিতে প্ৰতিটো ৩ হাজাৰ, ৫ হাজাৰ আৰু ১০ হাজাৰ টকাৰ ক্ৰয়ত ক্ৰমে নিশ্চিতভাৱে তৎক্ষণাৎ এয়াৰ বেগ, ডি ট্ৰলী আৰু ট্ৰলিবেগ উপহাৰ হিচাপে প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে ৷ শাৰদীয় শ্ৰীশ্ৰী দুৰ্গা পূজাৰ প্ৰাকক্ষণত পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ হৃদয়স্থলীত খোলা এম, বাজাৰৰ ষ্ট’ৰ্চৰ শুভাৰম্ভণিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷













