
অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ এতিয়াৰে পৰা ৰাজ্য চৰকাৰ অধীনস্থ সকলো বিভাগৰ নিযুক্তি পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব বিশ্ববিদ্যালয়সমূহে৷ অসম আৰক্ষীৰ এছআই পদৰ লিখিত পৰীক্ষাত হোৱা চূড়ান্ত বেমেজালিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷
এই সম্পৰ্কত যোৱা ৫ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈছিল৷ ৰাজ্য চৰকাৰে জনোৱা মতে, নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে উত্থাপিত সকলো অভিযোগৰ পৰা মুক্ত হোৱাৰ লগতে স্বচ্ছতাৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰা যায় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আৰক্ষী, হোম গাৰ্ড, কাৰাগাৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব৷
গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ, পৰিবহণ, আবকাৰী, বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি পৰীক্ষা।
একেদৰে, অসম বিশ্ববিদ্যালয়, শিলচৰে সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব।
আনহাতে, জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব তেজপুৰ বিশ্ববিদ্যালয়ে।












