
মনোজ কুমাৰ পাঠক
লংকা : হোজাই জিলা আইনসেৱা প্ৰাধীকৰনৰ তৎপৰতাত বুধবাৰে কাকী আৰক্ষী থানাৰ অন্তৰ্গত দুই নং কাকী ৰামজিপুৰৰ পৰা এগৰাকী নাবালিকাক উদ্ধাৰ কৰে৷ হোজাই জিলাৰ আইন সেৱা প্ৰাধীকৰণ হোজাই জিলা সমিতিৰ সচিব প্ৰনিতা মৰাঙৰ নিৰ্দেশত চাইল্ড লাইন, কাকী আৰক্ষী আৰু পেনেল অধিবক্তা মনিতা শৰ্মায়ে অভিযান চলাই কাকী ৰামপুৰৰ মহেন্দ্ৰ ডেকাৰ ঘৰৰ পৰা লংকাৰ দুই নং ৰে’লগেটৰ ষোল্ল বছৰীয়া এগৰাকীক উদ্ধাৰ কৰাৰ লগতে দিগন্ত ডেকা নামৰ যুৱকজনক আটক কৰে৷
উল্লেখ যে কাকী ৰামপুৰৰ দিগন্ত ডেকা নামৰ যুৱকজনে লংকাৰ দুই নং ৰে’লগেটৰ এগৰাকী ষোল্ল বছৰীয়া ছাত্ৰীক যোৱা ২০ ছেপ্টেম্বৰত পলুৱাই আনিছিল৷ আৰু গোপন সুত্ৰৰ খবৰ অনুসৰি বুধবাৰে নাবালিকা গৰাকীক উদ্ধাৰ কৰে৷











