![]()
লংকা : হোজাই জিলাৰ লংকাৰ উদালিৰ বিভিন্ন ঠাইত প্ৰশাসনৰ উচ্চেদ অভিযান। উদালিৰ জাৰুণী গাওঁ নবোদয় যুৱ সংঘ পুথি ভঁৰালৰ আৰু ফুলতলি বজাৰৰ এটা বজাৰ ঘৰৰ মাটি অবৈধ বেদখল কৰে দুষ্কৃতিকাৰী। ৰাইজে অভিযোগ দিয়াৰ পিছত আজি হোজাই জিলা প্ৰশাসনে অবৈধ বেদখল মুক্ত কৰে মাটিখিনি ।
স্থানীয় ৰাইজে জানিব দিয়া মতে ১৯৮৫ চনৰ পৰা এই স্থানত জাৰুণী গাওঁ নবোদয় যুৱ সংঘ পুথি ভঁৰাল নামৰ ক্লাব এখন আছিল কিন্তু যোৱা ২/৩ দিনৰ পৰা দুষ্কৃতিকাৰীয়ে ক্লাবটোৰ ঘৰ মাটি দখল কৰিবলে চেষ্টা কৰে।
কিন্তু স্থানীয় ৰাইজে বিষয়টো জিলা প্ৰশাসনক অৱগত কৰোৱাত আজি লংকা চক্ৰবিষয়া মৃদুস্মিতা বৰা আৰু হোজাইৰ অতিৰিক্ত আৰক্ষী বিষয়া দিপ্তী মালীৰ উপস্থিতিত লগত বৃহৎসংখ্যক নিৰাপত্তাৰক্ষী লৈ অবৈধ বেদখল উচ্ছেদ কৰে।











