
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ পুনৰ নিৰ্মাণৰ কাম আগবাঢ়িছে তীব্ৰ গতিত৷ ১,২৩২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা নতুন টাৰ্মিনেলটোৰ নিৰ্মাণ কাৰ্য ২০২২ চনত শেষ হ’ব বুলি আশা কৰা হৈছে৷ সেয়া হ’লে ২০২২ৰ জুন মাহৰ পৰা নতুন বিমানবন্দৰটো সেৱা আগবঢ়াবৰ বাবে সাজু হ’ব বুলি প্ৰকাশ কৰে বিমানবন্দৰ কৰ্তৃপক্ষই ৷
নতুন বিমানবন্দৰটো কাৰ্যক্ষম হৈ উঠিলে বছৰি ১ কোটি যাত্ৰীক সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰিছে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকাৰীয়ে৷ বৰ্তমান প্ৰায় ৬০ লাখ বিমানযাত্ৰীক সেৱা আগবঢ়াই আছে গুৱাহাটী বিমানবন্দৰে৷ উল্লেখ্য যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ৷ ১,০২,৫০০ বৰ্গফুটৰ নিৰ্মীয়মাণ টাৰ্মিনেলটোত থাকিব বহুতো অত্যাধুনিক ব্যৱস্থা আৰু সা-সুবিধা৷












