
নিউজ ডেস্ক : আজি বিয়লি অনুষ্ঠিত কংগ্ৰেছ-চিপিআই (এম)ৰ গুৰুত্বপূৰ্ণ বৈঠকত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত দুয়োটা দলে ঐক্যবদ্ধভাৱে কাম কৰাৰ পোষকতা কৰে। প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা মতে জনসাধাৰণৰ স্বাৰ্থজড়িত বিষয়সমূহত ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ দুয়োটা দলে সহমত প্ৰকাশ কৰে।
বিজেপি, আৰএছএছ তথা সাম্প্ৰদায়িকতা বিৰোধী সকলো শক্তিক একগোট হৈ ঐক্যবদ্ধ সংগ্ৰামৰ জৰিয়তে বিজেপিক উৎখাত কৰিবলৈও এই বৈঠকে আহ্বান জনায়। বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, চিপিআই (এম)ৰ বৰ্ষীয়ান নেতা হেমেন দাস, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, দলটোৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য আৰু সম্পাদকমণ্ডলীৰ সদস্য সুপ্ৰকাশ তালুকদাৰ উপস্থিত থাকে।











