
নগাঁও : ৰাজ্যখনৰ টেট উত্তীৰ্ণ স্নাতক শিক্ষক পদৰ চাকৰিৰ প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উঠিছে। উত্থাপিত অভিযোগ অনুসৰি ৰাজ্যৰ বিভিন্ন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালি হৈ থকা স্নাতক ডিগ্ৰীধাৰী শিক্ষক পদৰ বাবে অনলাইন যোগে আবেদন কৰিবলৈ যোৱা ৭ অক্টোবৰত সময় উকলি গৈছিল যদিও অন লাইন পদ্ধতিত সৃষ্টি হোৱা কাৰিকৰী অসুবিধাৰ বাবে বহু প্ৰাৰ্থী আবেদনৰ পৰা বঞ্চিত হ’ব লগা হৈছিল। যাৰ বাবে ৰাজ্যৰ মাধ্যমিক শিক্ষা বিভাগে অহা ১১ অক্টোবৰলৈ আবেদনৰ অন্তিম সময় বৃদ্ধি কৰিছে।
কিন্তু অতি আচৰ্যজনক কথাটো এয়ে যে, বিগত তিনিদিন ধৰি শিক্ষা বিভাগৰ নিৰ্দিষ্ট ৱেবছাইটটো বিকল হৈ থকাৰ বাবে প্ৰাৰ্থীয়ে নিজৰ আবেদন দাখিল কৰিবলৈ সক্ষম হোৱা নাই।
অৱশ্যে মাজত আৰু দুটা দিন আছে যদিও মাধ্যমিক শিক্ষা বিভাগৰ সেই নিৰ্দিষ্ট ৱেবচাইটো পুনৰ সক্ৰিয় হয় নে নহয় আৰু স্নাতক শিক্ষক পদৰ চাকৰি প্ৰাৰ্থীসকলে উক্ত ৱেবচাইটৰে আবেদন দাখিল কৰিব পাৰে নে নাই সেয়া লক্ষ্যনীয় হ’ব।
আনহাতে, প্ৰাৰ্থীসকলক বিভিন্ন জিলাত অন লাইনযোগে আবেদনৰ সুবিধা প্ৰদান কৰিছে যদিও সাক্ষাৎকাৰ একেটা দিনত অনুষ্ঠিত হ’ব বুলি শিক্ষা বিভাগে বিজ্ঞাপনত উল্লেখ কৰা কাৰ্যই প্ৰাৰ্থী সকলক বিপাঙত পেলাইছে । উল্লেখ্য যে নগাঁও জিলাৰ ২৫৯টা পদৰ লগতে ৰাজ্যখনৰ মুঠ ২১খন জিলাৰ ৫৮৪৬ টা স্নাতক শিক্ষকৰ পদ খালী হৈ আছে।












