ASSAM TIMES POST
বকলীয়াঘাট: আজি বিয়লি বকলীয়াঘাটৰ ৰুৰাছেন মহাবিদ্যালয়ৰ সন্মুখত এখন নম্বৰ প্লেটবিহীন বাহনৰ খুন্দাত এগৰাকী মহিলা নিহত হয়৷ ঘটনাৰ বিৱৰণ অনুসৰি ডিফুৰ দিশৰ পৰা আহি থকা বাহনখনে খৰি লুৰি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত খুন্দা মৰাৰ ফলত মহিলাগৰাকী থিতাতে নিহত হয় । নিহত মহিলাগৰাকী চাৰ্থে বে’ গাঁৱৰ কাজিৰ তিমুংপী বুলি জানিব পৰা গৈছে।













