নিউজ ডেক্স:
অক্টোবৰৰ ৮ তাৰিখে মুম্বাই আৰক্ষীৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পৰমবীৰ সিঙে জনাইছিল ৰিপাব্লিক টিভি কে ধৰি আন দুটা চেনেলে টিআৰপি মেচিনত খেলি মেলি কৰাৰ কথা ৷ সেই সন্দৰ্ভত বাকী দুটা চেনেলৰ মালিকক আটক কৰা হৈছিল ৷
আনহাতে, ৰিপাব্লিক টিভিৰ বিত্তীয় বিভাগৰ প্ৰধান বিষয়ালৈ মুম্বাই পুলিচে উপস্থিত হৈ এই বিষয়ে বিৱৰণ দিবৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰিছিল ৷ পিছে ৰিপাব্লিক টিভিৰ বিভাগীয় বিষয়া জনে অমান্য কািলে মুম্বাই আৰক্ষীৰ নিৰ্দেশ ৷
এতিয়া প্ৰশ্ন উঠিছে কিয় উপস্থিত নাথাকিল বিষয়াজন? দোষ ফাদিল হোৱাৰ পিছত পলায়নৰ চেষ্টা নহয়তো এয়া? সদায় চৰকাৰৰ পক্ষত থাকি কথা কোৱা ৰিপাব্লিক টিভি বিৰুদ্ধে কি পদক্ষেপ লোৱা হ’ব সেয়াহে লক্ষণীয় হ’ব ৷













