নিউজ ডেক্স:
মহিলাৰ টি–২০ প্রতিযোগিতাৰ তিনিটা ফ্রেঞ্চাইজিৰ তিনিগৰাকী অধিনায়কৰ নাম দেওবাৰে বিচিচিআয়ে ঘোষণা কৰে৷ এই অধিনায়ককেইগৰাকী হ’ল ছুপাৰন’ভা দলত হৰমনপ্ৰীত কৌৰ, ট্রেইলব্লেজাৰ্ছ দলৰ স্মৃতি মন্ধানা আৰু ভেল’চিটি দলৰ মিতালী ৰাজ৷ অহা ৪–৯ নৱেম্বৰত সংযুক্ত আৰব আমিৰশ্বাহিত এই বছৰৰ মহিলা টি–২০ প্রতিযোগিতা অনুষ্ঠিত হ’ব৷
যোৱা বছৰৰ ফাইনেলিষ্ট ছুপাৰন’ভা আৰু ভেল’চিটিৰ মাজত প্ৰতিযোগিতাৰ উদ্বোধনী মেচ অনুষ্ঠিত হ’ব৷ মেচখন শ্বাৰজাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ তিনিওটা দলতে ভাৰতীয় ক্ৰিকেটাৰৰ উপৰি ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, ইংলেণ্ড, বাংলাদেশ, দক্ষিণ আফ্রিকা আৰু নিউজীলেণ্ডৰ খেলুৱৈ থাকিব৷