ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : ভুল চিকিৎসাৰ বলি হৈ এগৰাকী মহিলাই মৃত্যুক সাৱতি লোৱাৰ অভিযোগ তুলি দেওবাৰৰ নিশা নগাঁৱৰ পি কে বি নাৰ্ছিং হোম ঘেৰাও কৰিলে একাংশ ৰাইজে। জানিবপৰা মতে, যোৱা মঙলবাৰে ভৰিত আঘাত পোৱা জিণ্টি দাস শৰ্মা নামৰ মহিলা গৰাকীক নগাঁৱৰ পিকেবি নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছিল।
নাৰ্ছিং হোম খনৰ হাড়ৰ চিকিৎসক ডা: গোলাপ দাসে মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে। কিন্তু পৰিয়ালৰ লোকে অস্ত্ৰোপচাৰৰ বাবে মান্তি হোৱাৰ পিছতো চাৰ্জাৰী প্লেটৰ অভাৱৰ দোহাই দি তিনিদিন ধৰি নাৰ্ছিং হোমতে ৰাখিছিল। অৱশেষত যোৱা শুক্ৰবাৰে মহিলাগৰাকীৰ ভৰিৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।
কিন্তু অস্ত্ৰোপচাৰৰ পিচতে মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ পৰে। পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সেই অৱস্থাৰ বিষয়ে জানিব বিচৰাত চিকিৎসক গোলাপ দাসে পৰিয়ালক সাক্ষাতৰ অনুমতি প্ৰদান নকৰাৰ অভিযোগ উঠিছে। ইয়াৰ পৰিৱৰ্তে মহিলাগৰাকীৰ চিকিৎসাৰ বাবদ নাৰ্ছিং হোমখনে লোৱা ৩২হাজাৰ টকাৰ ১৩হাজাৰ টকা ৰাখি বাকী খিনি টকা উভতাই দি মহিলাগৰাকীক গুৱাহাটীৰ জিএনআৰচি লৈ নিয়াৰ নিৰ্দেশ দিয়ে।
কিন্তু জিএনআৰচিৰ চিকিৎসকে স্বাস্থ্যপৰীক্ষা কৰাৰ পিচত মহিলাগৰাকীৰ বৃক্ক বিকল হোৱাৰ কথা পৰিয়ালক জনায়। অৱশেষত দেওবাৰে সন্ধ্যা ৮বজাত জিণ্টি দাস শৰ্মা নামৰ মহিলাগৰাকীয়ে মৃত্যুক সাৱতি লয়। মহিলাগৰাকীৰ মৃত্যুৰ পিছতে চিকিৎসক গোলাপ দাসৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে নগাঁৱৰ ঘাঁহী গাঁৱৰ ৰাইজ।
ৰাইজে মহিলাগৰাকীৰ মৃতদেহ গুৱাহাটীৰ পৰা পোনে পোনে চিকিৎসালয়লৈ নি প্ৰতিবাদ স্যবস্ত কৰে। ৰাইজৰ অভিযোগ চাৰ্জাৰী প্লেটৰ অভাৱত অস্ত্ৰোপচাৰ নকৰি তিনিদিন অত্যাধিক বিষনাশক ঔষধ প্ৰদান কৰাৰ ফলতে জিণ্টিৰ বৃক্ক বিকল হ’ল। এই সন্দৰ্ভত পৰিয়ালৰ লোকে চিকিৎসক গোলাপ দাসৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।
ঘাঁহী গাঁৱৰ সৰবৰহী মহিলা জিণ্টি দাস শৰ্মা(৩৯)ই মৃত্যুৰ সময়ত স্বামীৰ লগতে এটি ১৪বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ গৈছে। ইপিনে হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে চিকিৎসকৰ বিৰুদ্ধে গোচৰ তৰাৰ পৰা ৰাইজক বিৰত থাকিবলৈ পৰামৰ্শ দিয়াৰো অভিযোগ তুলিছে ৰাইজে।












